৮৩ গণ আন্দোলনৰ শ্বহীদ দণ্ডেশ্বৰ কলিতাৰ মৃত্যু বাৰ্ষিকী পালন..

৮৩ গণ আন্দোলনৰ শ্বহীদ দণ্ডেশ্বৰ কলিতাৰ মৃত্যু বাৰ্ষিকী পালন..

author-image
Asomiya Pratidin
New Update
৮৩ গণ আন্দোলনৰ শ্বহীদ দণ্ডেশ্বৰ কলিতাৰ মৃত্যু বাৰ্ষিকী পালন..

৮৩ গণ আন্দোলনৰ শ্বহীদ দণ্ডেশ্বৰ কলিতাৰ মৃত্যু বাৰ্ষিকী পালন..

ডিজিটেল সংবাদ ঘিলাধাৰীঃ আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ইকৰাণি প্ৰাথমিক গোট ছাত্ৰ সন্থা আৰু শ্বহীদ পৰিয়ালৰ সহযোগত অসম আন্দোলনৰ ৮৩ গণ আন্দোলনৰ শ্বহীদ দণ্ডেশ্বৰ কলিতাৰ মৃত্যু বাৰ্ষিকীৰ উপলক্ষে ইকৰাণিস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয়। সেই উপলক্ষে পুৱা শ্বহীদ তৰ্পন কৰে শ্বহীদৰ ভাতৃ জিতু কলিতাই৷

Advertisment

পতাকা উত্তোলন কৰে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ জ্যোতি নেওগে। কাৰ্যসূচীত তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাৰ্ধুয্য পাঠক, বৰহোলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ড, শিক্ষক ৰবীন মহন্ত, বিজয় বৰা, দুৰ্গেশ্বৰ বৰা, শ্বহীদৰ ভাতৃ মৃদুল কলিতা, অমৰজিৎ কলিতা, বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অজয় হাজৰিকা, বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা আৰু ইকৰাণি প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বিষয়ববীয়া, শ্বহীদৰ পৰিয়ালবৰ্গ লগতে স্থানীয় ভালেসংখ্যক ৰাইজ উপস্থিত থাকে৷ সন্ধ্যা শ্বহীদ বেদীৰ প্ৰাঙ্গণত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী সামৰণি পৰে৷

Also Read: ৰঙিয়া বিছেন্নালাত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ হীৰক জয়ন্তী আৰম্ভ...

ঘিলাধাৰী