![sgv](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/16/VxH1fAQciJYXk8XAib6D.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি ড০ হিমন্ত বিশ্ব শৰ্মা সৰ্বসন্মতি মৰ্মে পুনৰবাৰ অসম বেডমিণ্টন সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত হৈছে ৷ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত অসম বেডমিণ্টন সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সন্থাটোৰ নতুন কাৰ্যনিৰ্বাহক কমিটিখন গঠন কৰা হয় ৷ সেই অনুসৰি ওমৰ ৰছিদক পুনৰ সম্পাদক হিচাপে মনোনীত কৰাৰ লগতে গৌতম মহন্তক আকৌ এবাৰ কোষাধ্যক্ষ হিচাপে সভাই সৰ্বসন্মতি মৰ্মে নিৰ্বাচিত কৰে ৷
ইফালে, তুলিৰাম ৰংহাং কাৰ্যকৰী সভাপতি, শীৰ্ষ আই পি এছ বিষয়া পাৰ্থ সাৰথি মহন্ত জ্যেষ্ঠ উপ সভাপতি তথা প্ৰাক্তন খেলুৱৈ মল্লিকা বৰুৱা শৰ্মা উপদেষ্টাৰূপে থকা কমিটিখনৰ নিৰ্বাচিত দহগৰাকী উপ সভাপতি হ’ল- তৰংগ গগৈ, প্ৰদীপ কুমাৰ হাজৰিকা, এল হেমন্ত সিং, বদন চন্দ্ৰ বৰা, বিনিত গগৈ, ৰিতুবৰণ শৰ্মা, ইফতিকাৰ আলী, পুৰঞ্জয় শৰ্মা, প্ৰনৱজ্যোতি গগৈ আৰু অমিতাভ দে ৷
আনহাতে, দিগন্ত বুঢ়াগোহাই, নবৰ’জি মনোৱাৰ, নৱজ্যোতি বৰা, ৰিতুৰাজ চেতিয়া আৰু হেমন্ত কুমাৰ দাস যুটিয়া সম্পাদক নিৰ্বাচিত হোৱাৰ বিপৰীতে নতুন কমিটিৰ পাঁচ সহঃসম্পাদক হ’ল- অভিজিত বৰুৱা, বিদ্যুৎ বিকাশ দেউৰী, ইমটিয়াজুৰ ৰহমান, মযুৰ বৰা আৰু অনিল দাস ৷
ইয়াৰ উপৰি উপেন চক্ৰৱৰ্তীক কাৰ্যালয় সম্পাদক হিচাপে দায়িত্ব দিয়া সন্থাটোৰ ১০গৰাকী নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য হ’ল- বসন্ত ডেকা, মাধৱ বৰা, মুকতাৰ হুছেইন, বিক্ৰম সিনহা, ভূপেন ফুকন, চন্দন মেধি, বিকাশ পাঠক, অনিমেশ চন্দ্ৰ, ময়দুল ইছলাম বৰা আৰু ৰাজ কুমাৰ কলিতা ৷