নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দেশৰ ৰাজধানী নতুন দিল্লীত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই পোনতে ৰঙালী বিহুৰ ওলগ আৰু সম্ভাষণ জনাই এখনি ফুলাম গামোচাৰে

author-image
Asomiya Pratidin
New Update
ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্ক : দেশৰ ৰাজধানী নতুন দিল্লীত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই পোনতে ৰঙালী বিহুৰ ওলগ আৰু সম্ভাষণ জনাই এখনি ফুলাম গামোচাৰে।

Advertisment

তাৰ পাছতে উভয়ে এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতত মিলিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত আলোচনা কৰে। এই আলোচনাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক অসমবাসীৰ হৈ আমন্ত্ৰণ জনায়।

সাক্ষাতৰ সময়ত

তাৰোপৰি প্ৰধানমন্ত্ৰী মোডীক অসম বায়’-ইথান’ল প্ৰকল্পৰ উদ্বোধনী কাৰ্যসূচীতো উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়। উক্ত প্ৰকল্পত বাৰ্ষিক ৪৯ কে টি পি এ ইথানল উৎপাদন হ’ব আৰু ইয়াৰ বাবে ৩০০ কে টি পি এ বাঁহ কেঁচামাল হিচাপে ব্যৱহৃত হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে।

একেদৰে দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্রকল্প - ৫,৭০০ কোটি টকাৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শিলান্যাস কৰিবলৈও প্ৰধানমন্ত্ৰীক অনুৰোধ জনায়। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ এই সমূহ অনুৰোধ ৰক্ষা কৰি আটাইকেইটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব বুলি আশ্বাস দিয়ে।

DR BHUPEN HAZARIKA Dr. Himanta Biswa Sarma narendra modi