/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-11/36errwn5/2.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: দেওবাৰে জীৱন নাট সামৰিলে বিশিষ্ট কবি, সাহিত্যিক,সমালোচক ৰবীন্দ্ৰ বৰাই। প্ৰায় ছয় দশক কাল স্বকীয় কাব্যশৈলীৰে অসমীয়া ভাষা-কাব্য-সাহিত্যৰ ভঁৰাল টনকিয়াল কৰা কবি বৰাৰ প্ৰকাশিত গ্ৰন্থ ক্ৰমে নিৰ্বাসিত সময়, উত্তৰ প্ৰজন্ম, শইচৰ মানুহ, ৰাতি ভাঙি আহে, অকলশৰীয়া ভয়, সাহচৰ্য আদি ।
১৯৪০ চনত জন্ম গ্ৰহণ কৰা প্ৰথিতযশা কবি ৰবীন্দ্ৰ বৰাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বহুভাষিক সাহিত্য মঞ্চ,অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- "আমি হেৰুৱালো এজন নিভাজ কবিক। যিজনাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত আছিল কবিতা আৰু অসম প্ৰীতি।" কবি বৰাৰ বিয়োগত অসম কবি সমাজৰ প্ৰাক্তন সভাপতি ৰমেন কলিতা, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই শোক প্ৰকাশ কৰিছে।
ইয়াৰ লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, সভাপতি ড০ হৰ কুমাৰ নাথ, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক অৱনী ৰঞ্জন পাঠক, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং", অসম শিশু সাহিত্য সমাজ আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।
Also Read: বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰা আৰু নাই