/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/ghogwqqk/342.jpg)
ডিজিটেল ডেস্ক : সোমবাৰে চমু ভ্ৰমণসূচীৰে অসমলৈ আহিব 'নাক'ৰ সঞ্চালক ড০ গণেশন কান্নাবিৰণ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য এক মনোজ্ঞ অনুষ্ঠানত অংশ ল'ব ড০ কান্নাবিৰণে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/st65i95n/db92fcf4-2b08-4454-abb9-4bf4a7fad89f.jpg)
উক্ত অনুষ্ঠানতে 'নাক'ৰ সঞ্চালকগৰাকীয়ে অসমৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰে মত-বিনিময় কৰিব। জানিব পৰা মতে মত-বিনিময় অনুষ্ঠানত অংশ ল'ব ৰাজ্যৰ কলেজসমূহৰ অধ্যক্ষসকলেও।
উল্লেখযোগ্য যে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণত অসমলৈ আহিব সঞ্চালক ড০ কান্নাবিৰণ। এই সন্দৰ্ভত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ যোগেশ কাকতিয়ে এই কথা জানিবলৈ দিয়ে।