/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/crzve1qj/341.jpg)
ডিজিটেল ডেস্ক : অহা ১২ নৱেম্বৰ, মঙলবাৰে অসমৰ স্বনামধন্য চিনেমা পৰিচালক তথা চিত্ৰকৰ প্ৰয়াত পুলক গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুলক গগৈ ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰৰ উদ্যোগত আৰু জ্যোতি চিত্ৰবন(ফিল্ম ষ্টুডিঅ') ছ'চাইটীৰ সহযোগত জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/4bsykllk/de744310-98be-4251-911e-cb407d4ab470.jpg)
উক্ত অনুষ্ঠানত প্ৰথিতযশা শিল্পীগৰাকীৰ জীৱন তথা তেওঁৰ চিনেমা আৰু ছবি বিষয়ক এখনি তথ্যচিত্ৰ 'কেনভাছ অন ৰীলছ' প্ৰদৰ্শন কৰা হ'ব। এই প্ৰদৰ্শনৰ অন্তত এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।
বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে আয়োজক পুলক গগৈ ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰে। সবিশেষ জানিবৰ বাবে যোগাযোগ নম্বৰ হৈছে- ৯৮৬৪০ ৬৯৪৪৪/ ৯৮৬৪১ ২৯১১৪।
Also Read: ছবি অংকন কৰি আৰক্ষীৰ ৰোষত পৰিল মাৰ্শ্বেল বৰুৱাসহ দুজন