ড০ বিদ্যেশ্বৰ দলেক মিচিং আগম কেবাঙৰ সম্বৰ্ধনা...

ড০ বিদ্যেশ্বৰ দলেক মিচিং আগম কেবাঙৰ 
সম্বৰ্ধনা...
ড০ বিদ্যেশ্বৰ দলেক মিচিং আগম কেবাঙৰ সম্বৰ্ধনা...

ডিজিটেল সংবাদ জোনাই: মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক-সাহিত্যিক তথা সাহিত্যিক পেন্সন প্ৰাপক ড০ বিদ্যেশ্বৰ দলেক আজি মিচিং আগম কেবাঙে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে, অসম চৰকাৰে অলপতে মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক-সাহিত্যিক ড০ বিদ্যেশ্বৰ দলেক সাহিত্যিক পেন্সন প্ৰদান কৰে।

বিশিষ্ট সাহিত্যিক ড০ বিদ্যেশ্বৰ দলে অসুস্থ হৈ থকাৰ বাবে আজি তেওঁৰ বাসগৃহত মিচিং আগম কেবাঙৰ এক প্ৰতিনিধি দলে উপস্থিত হৈ সম্বৰ্ধনা জনায়। মিচিং মাপলাৰ আৰু প্ৰশস্তি পত্ৰৰে সাহিত্যিক পেন্সনাৰ ড০ বিদ্যেশ্বৰ দলেক মিচিং আগম কেবাঙে সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা অনুষ্ঠানত মিচিং আগম কেবাঙৰ সভাপতি গোবিন টাইদ, সম্পাদক ডিম্বেশ্বৰ দলে, সহকাৰী সম্পাদক হৰিকান্ত পেগু, ড০ ঘনকান্ত দলে, মুখপাত্ৰ সম্পাদক কালিনাথ পাংগিং, প্ৰাক্তন উপ-সভাপতি হৰিণাৰায়ণ পেগু, সদস্য জীপেন দলে, ফণীধৰ দাৰিক, মহাবীৰ পায়েং, হৰিশ দলে আদি উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানত মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইদে ড০ বিদ্যেশ্বৰ দলেৰ সাহিত্য কৰ্মৰে সমাজ জীৱনলৈ আগবঢ়োৱা বিশেষ অৱদান উল্লেখ কৰি অসম চৰকাৰৰ পৰা সাহিত্যিক পেন্সন লাভ কৰাৰ বাবে অভিনন্দন জনায়।

উল্লেখযোগ্য যে মিচিং, অসমীয়া আৰু ইংৰাজী এই তিনি ভাষাতে সমান্তৰালকৈ সাহিত্য চৰ্চা কৰা ড০ বিদ্যেশ্বৰ দলেয়ে নিজৰ সৃষ্টিশীল সাহিত্য কৰ্মৰে আচিনাং অকিতাং ন, আচিন আপ্পুনি, গমচাৰ পাৰিং, চিন্তা বিবিধা, মিচিং বা:নে কেবাং আৰু ইতিহাস, মিচিং সমাজ আৰু সংস্কৃতিৰ ৰূপৰেখা, মোৰ হৃদয় মোৰ কবিতা, Glimpses on Folk Literature, Folk Dances of Misings আদি কেইবাখনো মৌলিক গ্ৰন্থ প্ৰণয়ন কৰি অসমৰ সাহিত্য জগতলৈ বিশেষ অবদান আগবঢ়াইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in