সৰুপথাৰত একেনিশাই চাৰিখনকৈ দোকানত চুৰি কাণ্ড...

সৰুপথাৰত একেনিশাই চাৰিখনকৈ দোকানত চুৰি কাণ্ড...
সৰুপথাৰত একেনিশাই চাৰিখনকৈ দোকানত চুৰি কাণ্ড...

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰত সোমবাৰে নিশা চাৰিখনকৈ দোকানত চুৰি কাণ্ড সংঘটিত হয়। জানিব পৰা তথ্য অনুসৰি সোমবাৰে নিশা সৰুপথাৰ নগৰৰ মাজ মজিয়াত অৱস্থিত উত্তম চাহা নামৰ ব্যৱসায়ীজনৰ গেলামালৰ দোকান, তাৰাছন্দ আগৰৱাৰালৰ এটি গোদামঘৰ, পিনু চক্ৰৱৰ্তীৰ ষ্টেচনাৰী দোকান আৰু বিকাশ আগৰৱালাৰ মটৰ পাৰ্টচৰ দোকানত চুৰি কাণ্ড সংঘটিত হয়।

উল্লেখ্য যে, বিকাশ আগৰৱালাৰ দোকানৰ ভিতৰৰ দৰ্জাৰ তলা ভাঙি কেচ বক্সৰ পৰা প্ৰায় ২৭/২৮ হেজাৰ টকা আৰু উত্তম চাহাৰ দোকানৰ পৰা ইন্টাৰ লক আৰু দৰ্জাত থকা বাহিৰৰ তলা ভাঙি চাৰি পাঁচ হেজাৰ টকা খুচুৰা পইছা আৰু চিগাৰেট লৈ যায়।

বাকী গোদাম ঘৰটো আৰু ষ্টেচনাৰী দোকানৰ তলা ভাঙে যদিও কোনো সামগ্ৰী নিবলৈ সক্ষম হোৱা নাই বুলি খবৰ পোৱা গৈছে। ঘটনা সন্দৰ্ভত দোকানৰ স্বত্বাধিকাৰিয়ে সৰুপথাৰ আৰক্ষীক খবৰ দিছে।

নগৰৰ মাজ মজিয়াত থকা চাৰিখনকৈ দোকানত চুৰি হোৱাক লৈ এতিয়া অন্যান্য দোকানী সকল ও চিন্তিত হৈ পৰিছে ।ভৱিষ্যতে এনে ঘটনা সংঘটিত নহ'বলৈ আৰক্ষীক কটকটীয়া নিৰপত্তা দিবলৈ আহবান জনাইছে সৰুপথাৰ নগৰৰ ব্যৱসায়ীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in