বেবেজীয়াত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান বিধায়ক ৰূপক শৰ্মাৰ

ৰাজ্যৰ ভিতৰতে সৰ্বাধিক স্কুটী লাভ নগাঁও জিলাত

author-image
Asomiya Pratidin
New Update
বেবেজীয়াত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান বিধায়ক ৰূপক শৰ্মাৰ

ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান বিধায়ক ৰূপক শৰ্মাৰ

ডিজিটেল সংবাদ,বেবেজীয়াঃ বেবেজীয়াত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান বিধায়ক ৰূপক শৰ্মাৰ। ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ উদ্দেশ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰূপায়ন কৰা ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অংশৰূপে শুকুৰবাৰে নগাঁৱত মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী প্ৰদান কৰা হয় ।

Advertisment

উল্লেখ্য যে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত নগাঁও জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী সমূহ বিতৰণ কৰা হয় । নগাঁৱৰ বেবেজীয়াৰ "গণপতি হিৰো" নামৰ দুচকীয়া বাহনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৰূপায়িত হোৱা এক অনুষ্ঠানত স্কুটী বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই ।

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণ
ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণ

নগাঁও জিলাৰ পৰিবহন বিষয়া সুনীল বৰা, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানতেই বিধায়ক ৰূপক শৰ্মাই সমগ্ৰ ৰাজ্যৰ ভিতৰতে নগাঁও জিলাত সৰ্বাধিক বঁটা প্ৰাপক ছাত্ৰ-ছাত্ৰী আছে বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে ।

ছাত্ৰীৰ বাবে ৰঙা আৰু ছাত্ৰৰ বাবে নীলা ৰঙৰ স্কুটী বঁটা হিচাপে আগবঢ়োৱা হ'ব আৰু নগাঁও জিলাত সৰ্বাধিক প্ৰায় ৩৫০০ ছাত্ৰ-ছাত্ৰীয়ে এই আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব বুলি জানিব পৰা গৈছে ।

নগাঁও জিলাৰ পৰিবহন বিষয়া সুনীল বৰা, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে
নগাঁও জিলাৰ পৰিবহন বিষয়া সুনীল বৰা, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে

আৰু পঢ়কঃ অসম অৰুণাচল সীমান্তৱৰ্তী মাজবাট চিকাৰীদাংগাত অস্ত্ৰ উদ্ধাৰ...

nagaon scooty assam