ল'গ' গেৰুৱাকৰণ কৰি সমালোচনাৰ সন্মুখীন দূৰদৰ্শন

ভিজুৱেলৰ সৌন্দৰ্যৰ বাবে এই ৰং প্ৰয়োজনীয়ঃগৌৰৱ দ্বিবেদী

author-image
Asomiya Pratidin
New Update
ল'গ' গেৰুৱাকৰণ কৰি সমালোচনাৰ সন্মুখীন দূৰদৰ্শন

ডিজিটেল ডেস্কঃ ল'গ' সলনি কৰি বিৰোধী পক্ষৰ সমালোচনাৰ সন্মুখীন হৈছে দূৰদৰ্শন। ডিডি নিউজে এক্স (টুইটাৰ)ত ৰাইজৰ জ্ঞাতাৰ্থে এটা প্ৰমোচনেল ভিডিঅ' প্ৰকাশ কৰি নতুন ল'গ'টোৰ পৰিচয় কৰায়। ভিডিঅ'ৰ কেপচন আছিল "আমাৰ মূল্যবোধ একে আছে কেৱল ৰূপ নতুন,পূৰ্বতে নোহোৱা এক নতুন যাত্ৰাৰ বাবে সাজু হওঁক,সম্পূৰ্ণ নতুন ডিডি নিউজ ৰ অনুভৱ লওঁক।"

Advertisment

ইয়াৰ পাছতে ডিডি নিউজ সমালোচনাৰ সন্মুখীন হয়। বহু দৰ্শকে নিৰ্বাচনৰ পূৰ্বে গেৰুৱাকৰণৰ পদক্ষেপ লোৱা বুলি মন্তব্য কৰে। লগতে দূৰদৰ্শনৰ মূল সংগঠনৰ পূৰ্বৰ প্ৰধান আৰু তৃণমূলৰ সাংসদ জৱাহৰ সৰকাৰে অনলাইন পোষ্ট দি কয় যে,"নিৰ্বাচনৰ পূৰ্বে দূৰদৰ্শনৰ ল'গ' ৰ গেৰুৱাকৰণক লৈ দুখ প্ৰকাশ কৰিছো। ৰাষ্ট্ৰীয় সম্প্ৰচাৰক প্ৰতিষ্ঠানটোৱে নিজ ব্ৰেণ্ডিঙৰ বাবে গেৰুৱা ৰং বাছনি কৰাটো একেবাৰে অনুচিত।"

আনহাতে প্ৰসাৰ ভাৰতীৰ বৰ্তমানৰ স্বত্বাধিকাৰ গৌৰৱ দ্বিবেদীয়ে এই ক্ষেত্ৰত জৱাহৰ সৰকাৰৰ বিৰোধিতা কৰি ভিজুৱেলৰ সৌন্দৰ্যৰ বাবে এই ৰং প্ৰয়োজনীয় বুলি মন্তব্য কৰে।

Also Read: গুজৰাটত বাসুকী সাপৰ জীৱাশ্ম উদ্ধাৰ...

dd news Doordarshan logo Doordarshan gaurav gogi