গুজৰাটত বাসুকী সাপৰ জীৱাশ্ম উদ্ধাৰ...

বাসুকীৰ জৰিয়তে হৈছিল সমুদ্ৰ মন্থন..

author-image
Asomiya Pratidin
New Update
গুজৰাটত বাসুকী সাপৰ জীৱাশ্ম উদ্ধাৰ...

ডিজিটেল ডেস্কঃ গুজৰাটস্থিত কচ্ছৰ লিগনাইট খনিত প্ৰাচীন সাপৰ জীৱাশ্ম উদ্ধাৰ। এয়া বাসুকী সাপৰ জীৱাশ্ম বুলি দাবী কৰিছে বিজ্ঞানীসকলে। IIT ৰুৰকীৰ বিশেষজ্ঞই বিজ্ঞান বিষয়ক এখন আলোচনীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গৱেষকসকলে লিগনাইট খনিৰ পৰা বাসুকী সাপৰ মেৰুদণ্ডৰ ২৭ টা অংশ উদ্ধাৰ কৰিছে।

Advertisment

ইয়াৰ বৈজ্ঞানিক নাম বাসুকী ইণ্ডিকাছ ৰখা হৈছে। যাৰ দৈৰ্ঘ্য ৪৯ ফুট অৰ্থাৎ ১৫ মিটাৰ পৰ্যন্ত ৷ ভাৰতত ৫ কোটি বছৰ পূৰ্বে বাসুকীৰ উপস্থিতি থকা বুলি তথ্য পোৱা গৈছে।

সমীপৰ সাগৰৰ ভূমিত সাপডালৰ অৱস্থান বুলি সন্দেহ কৰা লগতে বাসুকী এক অবিসাক্ত সাপ বুলি জানিবলৈ দিয়ে গৱেষক দলটোৱে। উল্লেখ কৰাটো প্ৰয়োজনীয় যে বাসুকীৰ জৰিয়তে সমুদ্ৰ মন্থন কৰা হৈছিল।

Also Read: 'দিল্লীৰ নাগৰিকক বিনামূলীয়াকৈ ঔষধ দিয়া অৰবিন্দ কেজৰিৱালে পোৱা নাই ঔষধ'

Vasuki indicus vasuki snake gujrat kutch basuki naag