ধেমাজি আৰু চিচিমুখ কুঢ়িমাৰি গাঁৱত  
দঃঞিঃ পঃলঃ য়েলাম কৌবাঙৰ প্ৰতিষ্ঠা দিৱস পালন...
ধেমাজি আৰু চিচিমুখ কুঢ়িমাৰি গাঁৱত দঃঞিঃ পঃলঃ য়েলাম কৌবাঙৰ প্ৰতিষ্ঠা দিৱস পালন...

ধেমাজি আৰু চিচিমুখ কুঢ়িমাৰি গাঁৱত দঃঞিঃ পঃলঃ য়েলাম কৌবাঙৰ প্ৰতিষ্ঠা দিৱস পালন...

ডিজিটেল সংবাদ ধেমাজিঃ দঃঞিঃ পঃলঃ য়েলাম কৌবাঙৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শনিবাৰে গাংগৃঙৰ ধৰ্মীয় পৰম্পৰা নীতিনিয়মৰে ধৰ্মীয় লোকসকলে ধেমাজি আৰু চিচিমুখৰ কুঢ়িমাৰি গাঁৱত সুকীয়া -সুকীয়াকৈ দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰে ৷ ধেমাজি নগৰৰ ধেমাজি কলেজ তিনিআলিৰ সমীপৰ গাংগৃঙত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীৰ অনুসৰি পুৱা ৮ বজাত দঃঞিঃ পঃলঃ য়েলাম কৌবাং অসমৰ সভাপতি ডাঃ বিদ্যেশ্বৰ টাইদে পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷

পুৱা ৮:৩০ বজাত গাংগৃঙৰ প্ৰেক্ষাগৃহত পোৰোহিত মধ্যেশ্বৰ টাইদৰ নেতৃত্বত সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হয়। পুৱা ৯ .৩০ বজাত সৰু ল'ৰা ছোৱালী আৰু বয়জ্যেষ্ঠ সকলৰ মাজত সুকীয়া-সুকীয়াকৈ লঘু ক্ৰীড়া প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় ৷

পুৱা ১১ বজাত দঃঞিঃ পঃলঃ য়েলামৰ সম্পৰ্কে পৰ্যালোচনা সভা অনুষ্ঠিত হয়।পৰ্যালোচনা সভাৰ আতঁধৰে ধেমাজি দঃঞিঃ পঃলঃ য়েলাম কৌবাঙৰ সম্পাদক হৰিপ্ৰসাদ মিলিয়ে ৷

অনুষ্ঠানত দঃঞিঃ পঃলঃ য়েলাম কৌবাং অসমৰ সভাপতি ডাঃ বিদ্যেশ্বৰ টাইদ, ডাঃ আনন্দ পেগু ,ৰাজকুমাৰ টাইদকে ধৰি য়েলাম কৌবাঙৰ সদস্য - সদস্যাই দঃঞিঃ পঃলঃ য়েলাম ধৰ্ম পালন কৰি অহা ক্ষেত্ৰত কৰিবলগীয়া কেতবোৰ নীতিনিয়মৰ সম্পৰ্কে সকলোৱে বক্তব্য আগবঢ়ায় ৷

সভাতে লঘু ক্ৰীড়া প্ৰতিযোগিতাত বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে। দুপৰীয়া ১২ বজাত অনুষ্ঠিত হোৱা বিশেষ সম্বধৰ্না অনুষ্ঠানত অলপতে সদৌ অসম ছাত্ৰ সন্হাই আগবঢ়োৱা ২০২২ বৰ্ষৰ প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক একলব্য গামক ধেমাজি দঃঞিঃ পঃলঃ য়েলাম কৌবাঙৰ ফালৰ পৰা সম্বধৰ্না জনোৱা হয় ৷

একেদৰে চিচিমুখৰ দঃঞিঃ পঃলঃ য়েলাম কৌবাং কঢ়িমাৰি গাঁও গাংগৃঙতো কুঢ়িমাৰি দঃঞিঃ পঃলঃ য়েলাম কৌবাঙৰ সভাপতি কাৰ্ক চন্দ্ৰ পাইতৰ উদ্যোগত দঃঞিঃপঃলঃ য়েলাম ধৰ্মীয় স্বকীয় পৰম্পৰাৰে প্ৰতিষ্ঠা দিৱস পালন পৰা হয় ৷ বিয়লিলৈ ধেমাজি গাংগৃঙত সমূহীয়া চাফাইৰ পিছতেই সন্ধিয়া ৬ বজাত দঃঞিঃ পঃলঃ য়েলাম কৌবাঙৰ প্ৰতিটো পৰিয়ালে ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in