সুখবৰ: পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱনৰ আধাৰত আহি আছে তথ্যচিত্ৰ...

সুখবৰ: পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱনৰ আধাৰত আহি আছে তথ্যচিত্ৰ...

ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে সুখবৰ। অসমীয়া সাহিত্য-সংস্কৃতিৰ ইতিহাসত অৱদান আগবঢ়োৱা তথা জাতীয় চেতনাৰ এক শক্তিশালী ভেটি নিমাৰ্ণ কৰা সৰ্বকালৰ স্মৰণীয় পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ বৰ্ণাঢ্য আৰু অনুপম জীৱনৰ ঘটনা-কাহিনীৰে পণ্ডিত হেমচন্দ্ৰ গোস্বামী ন্যাসৰ উদ্যোগত "Sruti's Creation"য়ে যুগুতাইছে এখন তথ্যচিত্ৰ। "The Greatest Legendary Scholar from Assam Pandit Hem Chandra Goswami" শীৰ্ষক তথ্যচিত্ৰখন ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে।

অহা ২৫ জুন ২০২৩ তাৰিখে ৱাশ্বিংটন ডিচিত প্ৰথমবাৰলৈ প্ৰৰ্দশন কৰা হ'ব তথ্যচিত্ৰখন। তথ্যচিত্ৰৰ মুখ্য প্ৰযোজক হ'ল ডাঃ নব গোস্বামী। আনহাতে কাৰ্যবাহী প্ৰযোজক শ্ৰুতি জৈন, নিদ্দেৰ্শক টুনা গৌতম। তথ্য-চিত্ৰখনৰ সংগীত পৰিচালনা প্ৰশান্ত কুমাৰ দাসৰ হোৱাৰ বিপৰীতে ধাৰাভাষ্যকাৰ হ'ল বলিউডৰ অভিনেতা আদিল হুছেইন।

উল্লেখ্য যে, তথ্যচিত্ৰখনে মুক্তি লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত ফিলাডেলফিয়াৰ অসমীয়া অভিৱৰ্তনত আৰু অহা ৮ জুলাইত অসম সাহিত্য সভাৰ ২৫ বছৰীয়া ৰূপালী জয়ন্তী উপলক্ষে লণ্ডনত প্ৰদৰ্শীত হ'ব। এই খবৰে এতিয়া অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ সৈতে জড়িত সকলক স্বাভাৱিকতেই উৎফুল্লিত কৰিছে।

সুখবৰ: পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱনৰ আধাৰত আহি আছে তথ্যচিত্ৰ...
সুখবৰ: ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত প্ৰথমগৰাকী অসমীয়া মহিলা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in