/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
ডিজিটেল ডেস্ক : দীঘলীপুখুৰীৰ পাছত এইবাৰ ভৰলুমুখৰ আশে- পাশে থকা শতিকা পুৰণি গছ- গছনি কটাৰ বিৰোধিতাৰে অৱ্যাহত আছে প্ৰতিবাদ। ছাত্ৰ- ছাত্ৰীকে ধৰি মহানগৰীৰ বিভিন্ন ক্ষেত্ৰৰে জড়িত একাংশ লোকে এই প্ৰতিবাদত ভাগ লৈছে। হাতে হাতে প্লে-কাৰ্ড, শ্ল’গান সম্বলিত বেনাৰ- পোষ্টাৰ আদি লৈ অৱ্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী।
এই প্ৰতিবাদৰ অংশস্বৰূপে শনিবাৰে নিশা চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই অংকন কৰা এখন ছবিকলৈ এতিয়া ৰাজ্যজুৰি চৰ্চা হৈছে। সেই নিৰ্দিষ্ট ছবিখন অংকন কৰাৰ বাবেই আৰক্ষীৰ ৰোষত পৰিছে চিত্ৰশিল্পীগৰাকীৰ লগতে আৰু দুজন লোক।
উক্ত ছবিখন অংকন কৰাৰ বাবে মাৰ্শ্বেল বৰুৱাক দেওবাৰে দোকমোকালিতে আৰক্ষীয়ে আটক কৰে। একেদৰে উক্ত দিনাই পুৱা প্ৰায় ৫-৩০ বজাত অংকুমান বৰদলৈ আৰু ভৰলুমুখৰ স্থায়ী বাসিন্দা কমল কুমাৰ নামৰ লোকজনক আটক কৰে আৰক্ষীয়ে।
আৰক্ষীৰ এই কাণ্ডক ইতিমধ্যে ৰাইজৰ দলে ধিক্কাৰ দিয়াৰ লগতে গৰিহণা দিছে। আটকাধীন আটাইকেইগৰাকীকে শীঘ্ৰেই মুকলি কৰি দিবলৈ ৰাইজৰ দলে আহ্বান জনাইছে।
Also Read: বন বিভাগৰ হেমাহিৰ বাবেই কাজিৰঙাত অতীত হোৱাৰ পথত দুখন বিল