/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/fb9d0ec4-b839-44ed-b6a3-673ef101717b/10.jpg)
ডিজিটেল সংবাদ,ছয়দুৱাৰ: ভাৰতৰ লেজাৰমেন খ্যাত উত্তৰ পূব ভাৰতৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ কিডনি হস্পিতাল(আই ইউ কে ডি)ৰ চেয়াৰমেন তথা মুখ্য ইউৰ'লোজিষ্ট ডা: অৰূপ কুমাৰ নাথক সোমবাৰে গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ই ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে।
গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ৰ উদ্যোগত আৰু ইনষ্টিটিউট অফ ইউৰ'লোজি এণ্ড কিডনি ডিজিজেছ তথা ইষ্টাৰ্ণ ষ্ট'ন এণ্ড কিডনি ফাউণ্ডেছনৰ সহযোগত গহপুৰৰ টকৌবাৰীৰ গুড হেল্থ মেডিক'জত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানতে বিশিষ্ট চিকিৎসক গৰাকীক এখন ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে গহপুৰ মহকুমা সাংবাদিক সন্থাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/90070981-909e-4c6f-96d6-4ae4bc6d7e1d/d2c1ad50-04c6-4a9f-9174-49895f35afe8.jpg)
সম্বৰ্ধনা পত্ৰখনৰ জৰিয়তে ডা: অৰূপ কুমাৰ নাথে অসমত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি ৰাইজৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি কৰি অহা নিস্বাৰ্থ সেৱাক শলাগ লয়। লগতে গুৱাহাটীৰ সোণাপুৰত অৱস্থিত আই ইউ কে ডি হস্পিতালখনে অসমৰ স্বাস্থ্য সেৱাৰ খণ্ডত এক নতুনত্বৰ সূচনা কৰা বুলি উল্লেখ কৰে।
গহপুৰ মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা তথা অসমীয়া প্ৰতিদিনৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটোত ডাঃ অৰূপ কুমাৰ নাথক স্থানীয় প্ৰকৃতিপ্ৰেমী মাৰ্কা নৰহে এটি পাইন গছৰ পুলি, গহপুৰ মহকুমা গোৰ্খা সন্মিলনৰ কাৰ্য্যকৰী সভাপতি বীৰেণ গিৰি,সাধাৰণ সম্পাদক জয় দাহালে গোৰ্খা টুপী আৰু গামোচা, স্থানীয় যুৱক উমেশ নৰহে মিচিং জনগোষ্ঠীয় গামোচা আৰু গুড হেল্থ মেডিক'জৰ স্বস্তাধিকাৰী দীপক পোখ্ৰেল আৰু অঞ্জু দেৱীয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/5fa315d1-1b74-4e22-8414-8b1ecb77bafc/abcfecd9-015b-4441-8390-aa6434257653.jpg)
অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰি ডা: অৰূপ কুমাৰ নাথে কিডনি আৰু প্ৰস্ৰাৱৰ সমস্যাত ভোগা ৰোগীয়ে ল'বলগীয়া চিকিৎসা পদ্ধতি আৰু সাৱধনতাৰ বিষয়ে বহল বাখ্যা আগবঢ়ায়। সদৌ অসম সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক তথা গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াই ডা: অৰূপ কুমাৰ নাথৰ উপযুক্ত চিকিৎসা প্ৰণালী, মানৱীয় প্ৰমুল্যবোধ আৰু সামাজিক দায়বদ্ধতাক শলাগ লৈ ডাঃ অৰূপ কুমাৰ নাথ এগৰাকী মানৱদৰদী চিকিৎসক বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/a50604c2-3c10-4323-bebe-1c6f73d90080/840c6f35-30b3-4c6c-90bb-aac3df0c7eee.jpg)
সম্বৰ্ধনা অনুষ্ঠানটোত ডা: অৰূপ কুমাৰ নাথৰ লগত অহা আই ইউ কে ডিৰ অপাৰেচন মেনেজাৰ ডা: বিকাশ চৌধুৰী, ডিজিটেল মাৰ্কেটিঙৰ মুখ্য বিষয়া বিপ্লৱ কাকতি,অ.টি টেকনিচিয়ান ৰাজেশ বৰ্মন,কৰ্মচাৰী প্ৰণৱ ডেকা, গাড়ী চালক প্ৰণৱ দিহিংগীয়া, ক্ৰয় পৰিচালক শিৱম বিশ্বাস আৰু দেহৰক্ষী জ্যোতিষ ইংতিৰ লগতে স্থানীয় ধৰ্মপ্ৰাণা মহিলা লক্ষী ভূঞা,প্ৰকৃতিপ্ৰেমী মাৰ্কা নৰহ আৰু যুৱ সমাজকৰ্মী ৰত্ন বস্নেতক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/f45081d6-cba8-4b99-bc46-f0067821e1e1/b4d50363-aeb3-4d16-a13b-448d03b88b73.jpg)
গহপুৰ মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত উক্ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত বিভিন্ন অঞ্চলৰ কিডনি আৰু প্ৰস্ৰাৱৰ সমস্যাত ভোগা শতাধিক ৰোগীক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসাৰ বিধান দিয়ে ডা: অৰূপ কুমাৰ নাথে।বিশেষকৈ কিডনি ষ্টোনৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনি বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা,কিডনি, ব্লাডাৰ আৰু প্ৰষ্টেট কেঞ্চাৰৰ সমস্যা আৰু পুৰুষৰ যৌন সমস্যাৰ ওপৰত স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা আগবঢ়াই ডা: অৰূপ কুমাৰ নাথে।
Also Read: নদুৱাৰত বন্যহস্তীৰ ত্ৰাসঃ খাদ্য বিচাৰি তহিলং ভঁৰাল,ঘৰ...