দিনটোত কিমান সময় মোবাইল ব্যৱহাৰ কৰিব লাগে, জানেনে?

দিনটোত কিমান সময় মোবাইল ব্যৱহাৰ কৰিব লাগে, জানেনে?
Published on
Updated on

ডিজিটেল ডেস্কঃ এতিয়া ডিজিটেল যুগ। এই যুগটোত মোবাইলটোৰ অবিহনে যেন ৫মিনিটো কটোৱা প্ৰায় অসম্ভৱ যেন কথা। কিন্তু অত্যাধিক মোবাইল ব্যৱহাৰে আপোনাৰ স্বাস্থ্যত কি প্ৰভাৱ পেলাব পাৰে আপুনি জানেনে! অত্যাধিক ফোন ব্যৱহাৰে আপোনাৰ চকুৰ বিষ আৰু টোপনি কমায়। ইয়াৰ লগতে বৃদ্ধি হয় মানসিক চাপ। ইয়াৰোপৰি বহু ধৰণৰ বেমাৰে লগ দিয়ে অত্যাধিক মোবাইল ব্যৱহাৰ কৰিলে।

এতিয়া জানো আহক চিকিতসা বিজ্ঞানৰ মতে দিনটোত আমি কিমান সময় ফোন ব্যৱহাৰ কৰিব লাগে। প্ৰাপ্ত বয়স্ক লোকসকলে দিনটোৰ ২৪ঘন্টাৰ ভিতৰত ৩-৪ঘন্টা সময় ব্যৱহাৰ কৰিব লাগে মোবাইল। যদিহে পেছাগত কাৰনত আপুনি মোবাইল ব্যৱহাৰ কৰিব লগা হয় তেন্তে কিছু সময় বিৰতি লৈ লৈ মোবাইল ব্যৱহাৰ কৰিলে ইয়াৰ দ্বাৰা হব পৰা কিছু ক্ষতি দূৰ কৰিব পাৰি।

৬০ৰ উৰ্ধৰ আৰু ১২বছৰৰ তলৰ বয়সৰ শিশুৱে দিনত অতি কমেও ১-২ঘন্টাতকৈ মোবাইল ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক। যদিহে ইয়াতকৈ অধিক সময় তেওঁলোকে ফোন ব্যৱহাৰ কৰে তেন্তে চকু সম্পৰ্কীয় বিভিন্ন সমস্যাত ভুগাৰ লগতে মানসিক সমস্যাত ভুগিব পাৰে।

আমি পেছাগত কাৰনত হলেও একেৰাহে মোবাইল কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। যদি দিনটোৰ অধিক সময়ত আপুনি কম্পিউটাৰ নাইবা মোবাইলৰ সৈতে কাম কৰে তেন্তে শাৰিৰিক ব্যায়াম অধিক পৰিমাণে কৰিব লাগে।

ইপিনে, বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকেও মোবাইল ফোনৰ অত্যাধিক আৰু অপ্ৰয়োজনীয় ব্যৱহাৰৰ ফলত সৃষ্টি হ’ব পৰা আশংকা সম্পৰ্কে বিশ্ববাসীক সতৰ্ক কৰি দিছে। সংস্থাটোৰ গৱেষকসকলে কৰা মন্তব্য অনুসৰি মোবাইল ফোনৰ যন্ত্ৰটোৰ পৰা নিৰ্গত ৰেডিঅ’ তৰংগই শৰীৰৰ উত্তাপ বৃদ্ধি কৰে। যিসকল শিশুৱে অত্যাধিক ম’বাইল ব্যৱহাৰ কৰে, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় বুলি মন্তব্য আগবঢ়াইছে।

শিশুৰ মস্তিস্কৰ আৱৰণ বয়স্কৰ তুলনাত পাতল হোৱা বাবে এই বিকিৰণ সহজেই মস্তিস্কত প্ৰৱেশ কৰিব পাৰে। আনকি গৱেষকসকলে ইয়াৰ ফলত টিউমাৰ হোৱাৰ আশংকাই প্ৰকাশ কৰিছে। ব্ৰিটেইনৰ কঞ্জিউমাৰ চ’ছিয়েছনৰ মতে, ম’বাইলত কথোপকথন হোৱাৰ সময়ত মস্তিস্কত অতিৰিক্ত পৰিমাণৰ বিকিৰণৰ সৃষ্টি হয় বাবে ক্ষতিৰ আশংকাও বেছি।

জাৰ্মানীৰ এদল গৱেষকে প্ৰকাশ কৰা মতে, ম’বাইল টাৱাৰত সংযোগ কৰা এন্টেনাৰ পৰা নিৰ্গত তৰংগই তেজৰ মেলাটোমিন হৰম’নৰ সংখ্যা হ্ৰাস কৰে। ইয়াৰ পৰিমাণ ২৫-৩০ শতাংশই হ্ৰাস কৰাৰ ফলত গৰ্ভস্থ শিশুৰ জিনগত বিকৃতি হোৱাৰ আশংকা থাকে। এনে বেঁতাৰ বিকিৰণ মৃগী আৰু স্নায়ু ৰোগীৰ পক্ষেও ক্ষতিকাৰক বুলি গৱেষকসকলে মন্তব্য কৰিছে।

দিনটোত কিমান সময় মোবাইল ব্যৱহাৰ কৰিব লাগে, জানেনে?
কৃত্ৰিম বানপানীত বিধ্বস্ত মূৰাৰাৰ স্বাভাৱিক জনজীৱন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in