কৃত্ৰিম বানপানীত বিধ্বস্ত মূৰাৰাৰ স্বাভাৱিক জনজীৱন

কৃত্ৰিম বানপানীত বিধ্বস্ত মূৰাৰাৰ স্বাভাৱিক জনজীৱন

author-image
Asomiya Pratidin
New Update
কৃত্ৰিম বানপানীত বিধ্বস্ত মূৰাৰাৰ স্বাভাৱিক জনজীৱন

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াত কৃত্ৰিম বানপানীয়ে লৈছে ভয়াৱহৰূপ। এজাক বৰষুণতে ডুব যায় ৰঙিয়াৰ কেইবাটাও অঞ্চল তথা উপ-পথ ।

Advertisment

তাৰ ভিতৰত ৰঙিয়াৰ মূৰাৰা গোপাল মন্দিৰ পথ, বিষ্ণু মন্দিৰৰ পথ আদিকে ধৰি গড়কা খৈৰাবাৰী সংযোগী পথ আদিত এজাক বৰষুণতে সাগৰসদৃশ পথ হোৱাত স্থানীয় ৰাইজৰ স্বাভাৱিক জনজীৱন আৰু স্কুলীয়া শিক্ষাৰ্থীসকলৰ অহা-যোৱা ব্যাহত হৈ পৰে । বিশেষকৈ এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা বিজেপিৰ সভাপতি ভৱেশ কলিতাই সকলো জানিও কাণষাৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।

শনিবাৰৰ নিশাৰ পৰা নেৰানেপেৰা বৰষুণত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত ভয়ংকৰ অসুবিধাৰ সৃষ্টি হৈছে বুলি জনায় । চেপ্তি নকুল গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে সভানেত্ৰী নবাৰুণা দাসৰ ভূমিকাক লৈও ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰে ।

স্থানীয় ৰাইজে অতি শীঘ্ৰে কৃত্ৰিম বানপানীত বুৰ যোৱা পথৰ যাতায়ত ব্যৱস্থা সূচল কৰিবলৈ অনুৰোধ জনাইছে। অন্যথা স্থানীয় বিধায়কৰ বিৰুদ্ধে অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি উল্লেখ কৰে ।

Also Read: দ্ৰাবিড়ৰ পৰিব অন্ত : গম্ভীৰৰ কান্ধত দায়িত্ব !

LOCAL MLA MURARA KAMRUP RURAL Artificial flood bhabesh kalita rangia