নিৰ্বাচন : দিল্লী পৌৰ নিগম...

author-image
Asomiya Pratidin
New Update
নিৰ্বাচন : দিল্লী পৌৰ নিগম...

ডিজিটেল ডেস্ক : বুধবাৰৰ পৰা আৰম্ভ হ'ল দিল্লী পৌৰ নিগমৰ ভোট গণনা প্ৰক্ৰিয়া । ইতিমধ্যেই ৮২ শতাংশ ভোট গণনা সম্পূৰ্ণ হোৱা দিল্লী পৌৰ নিগমত ৰাজ্যৰ শাসনাধিষ্ঠ চৰকাৰ তথা মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ  নেতৃত্বাধীন দল আম আদমি পাৰ্টীয়ে বিজয়ী হৈছে ৭৫ টা সমষ্টিত, আনহাতে ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছে ৫৫ টা সমষ্টিত বিজয় ।

Advertisment

এতিয়া অপেক্ষা মাথো আন ১৮ শতাংশ ভোট গণনাৰ । কিয়নো অৱশিষ্ট ১৮ শতাংশত যদি ভাৰতীয় জনতা পাৰ্টীয়ে অগ্ৰগতি লাভ কৰে তেন্তে প্ৰায় একেই সংখ্যাৰ সমষ্টিত বিজয় লাভ কৰিব দুয়োটা মুখ্য দলেই । আনহাতে, যদিহে আম আদমি পাৰ্টীয়ে যদি এই অগ্ৰগতি বাহাল ৰখাত সক্ষম হয় তেন্তে দিল্লী পৌৰ নিগমত পুনৰ এবাৰ শক্তিশালী ৰূপত দেখা যাব দলটিক ।  

গুজৰাটৰ বিধান সভা নিৰ্বাচনৰ প্ৰায় সমান্তৰালকৈ অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ গুৰুত্ব যথেষ্ট কিয়নো দিল্লী হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰৰ হাতত থকা মুখ্য তিনিটা বিভাগৰ ভিতৰত এটা হৈছে পৌৰ নিগম । এই পৌৰ নিগমত আধিপত্য প্ৰকাশ কৰিব পাৰিলেই যেন আগন্তুক বিধান সভা নিৰ্বাচনত অগ্ৰগতি লাভ কৰিব দলটিয়ে । তেনেস্থলত গুজৰাট বিধান সভা নিৰ্বাচনৰ সমানেই তাৎপৰ্য লাভ কৰিছে দিল্লীৰ পৌৰ নিগম নিৰ্বাচনে ।

আৰু পঢ়ক : কাছাৰত এল্ট' বাহনৰ পৰা বাৰ্মিজ চুপাৰী জব্দ: দুজনক আটক...

election delhi