কাছাৰত এল্ট' বাহনৰ পৰা বাৰ্মিজ চুপাৰী জব্দ: দুজনক আটক...

কাছাৰত এল্ট' বাহনৰ পৰা বাৰ্মিজ চুপাৰি জব্দ: দুজনক আটক...
কাছাৰত এল্ট' বাহনৰ পৰা বাৰ্মিজ চুপাৰি জব্দ: দুজনক আটক...

ডিজিটেল সংবাদ শিলচৰ: বাৰ্মিজ চুপাৰী ৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো চুপাৰী সৰবৰাহ কৰি আহিছে চোৰাং ব্যৱসায়ীয়ে৷ আৰক্ষীৰ চকুত ধুলি দিবলৈ ন ন কৌশলেৰে সৰবৰাহ কৰি আহিছে বাৰ্মিজ চুপাৰী ৷

এইদৰে সৰবৰাহ কৰাৰ সময়ত বুধবাৰে ৰাতিপুৱা ধলাই আৰক্ষীয়ে জব্দ কৰে ৯ বস্তা বাৰ্মিজ চুপাৰী ৷ ধলাই থানাৰ সন্মুখত নাকা চেকিং চলোৱাৰ সময়ত জব্দ কৰা হয় এই ৯ বস্তা বাৰ্মিজ চুপাৰী ৷

AS10A-4454 নম্বৰ এল্ট'খনৰ পৰা জব্দ কৰা হয় চুপাৰীখিনি৷ ধলাই ভাগাৰ পৰা শিলচৰৰ উদ্দেশ্যে অনা হৈছিল চুপাৰীখিনি৷

অবৈধ চুপাৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ৰাজু আহমেদ আৰু আফতাৰ হুছেইন নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ দুয়োৰে ঘৰ ক্ৰমে ধলাইৰ হায়াইথাং আৰু লাইলাপুৰত বুলি সদৰী কৰিছে ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in