/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/84410398-826e-43f3-8a4b-17de1e54ff3d/seema.jpg)
হাটশিঙিমাৰীত জিলা ভিত্তিক সীমান্ত ক্ৰীড়া মহোৎসৱ
ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ হাটশিঙিমাৰীত জিলা ভিত্তিক সীমান্ত ক্ৰীড়া মহোৎসৱ। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী মুঠ ৯ খন জিলাক লৈ অহা ১০, ১১ আৰু ১২ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ক্রীড়া মহোৎসৱৰ বাবে শনিবাৰে হাটশিঙিমাৰীত জিলা ভিত্তিক ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1862fb78-6d42-4f9d-803a-ce1f4a4eb7c6/seema1.jpg)
উল্লেখযোগ্য যে আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ হাটশিঙিমাৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ উদ্যোগত জিলা ভিত্তিক সীমান্ত ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰা হয়। আজিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা এই সীমান্ত ক্ৰীড়া মহোৎসৱৰ শুভ উদ্ধোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুমে।
জিলা ক্ৰীড়া বিষয়াৰ লগতে মানকাচৰ সীমান্ত চেতনা মঞ্চৰ কৰ্মকর্তা সকল এই মহোৎসৱত উপস্থিত থাকে। ১৬-২১ বছৰৰ বয়সৰ শিক্ষাৰ্থী সকলৰ মাজত বিভিন্ন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আনহাতে জিলা পৰ্যায়ত বাছনি হোৱা খেলুৱৈ সকলে অহা ১১ জানুৱাৰী তাৰিখে ৰাজ্যিক পৰ্যায়ৰ খেলৰ বাবে গুৱাহাটীত অংশগ্ৰহণ কৰিব। আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাৰ বাবে সীমান্ত চেতনা মঞ্চৰ উদ্ধোগত যোৱা বছৰৰ পৰা এই কাৰ্যসূচী আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে।