/asomiyapratidin/media/media_files/2025/05/27/Z6Dt2K4c2bTlr9jzHR1p.jpg)
ডিজিটেল সংবাদ, ধেমাজি : অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনস্থ ধেমাজি বিধানসভা সমষ্টিত সোমবাৰে অংগনবাড়ী কৰ্মীসকলৰ মাজত শিক্ষা মন্ত্ৰী ডা০ ৰনোজ পেগুৱে আনুষ্ঠানিকভাৱে ৩৭৬ টা স্মাৰ্টফোন বিতৰণ কৰে ৷
এই উপলক্ষে অনুষ্ঠিত সভাত মন্ত্ৰী ডাঃ পেগুৱে বক্তব্যত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অংগনবাড়ী কৰ্মীসকলক মোবাইল ফোনসমূহ সদ্ব্যৱহাৰ কৰি নিজৰ দায়িত্ব সুকলমে পালন কৰিবলৈ আহ্বান জনায় ৷
ইয়াৰ পূৰ্বে সভাত আদৰণি ভাষণ দিয়ে ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰে ৷ সভাত ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, ধেমাজি-১ জিলা পৰিষদৰ সদস্য লক্ষীধৰ সেনচোৱা, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত ধেমাজি জিলা সমাজ কল্যাণ বিষয়া প্ৰীতিৰেখা গগৈ আৰু ধেমাজি-মাছখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াদ্বয় উপস্থিত থাকে ৷