সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত বৰদিন উপলক্ষে সাহায্য বিতৰণ...

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত বৰদিন উপলক্ষে সাহায্য বিতৰণ...

ডিজিটেল সংবাদ বেবেজীয়াঃ বৰদিন উপলক্ষে নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কাৰ্যালয়ত সামগ্ৰী বিতৰণ কৰে মিছা মিলিটেৰী ষ্টেচনৰ বিষয়ববীয়া আৰু প্ৰতিনিধিসলে।

সন্থাই পৰিচালনা কৰা বৃদ্ধাশ্ৰমৰ ৩৫ জন আবাসী, নৱজীৱন (বিশেষ) শিশুগৃহত আশ্ৰয়হীন ২০ টি শিশু আৰু বিশেষ দত্তক ভাৱে সক্ষম কেন্দ্ৰৰ ৬ বছৰৰ তলৰ ১০ টি শিশুক বিভিন্ন সা-সামগ্ৰী আৰু খাদ্য প্ৰদান কৰে। বিতৰণ কৰা এই সা-সামগ্ৰীৰ ভিতৰত আছে কাপোৰ চেণ্ডেল, মেট্ৰেচ আৰু শিশুৰ প্ৰয়োজনীয় সা-সামগ্ৰী আৰু খাদ্য, মিঠাই।

মিছাৰ মিলিটেৰী ষ্টেচনৰ প্ৰতিনিধিসকলৰ এই পদক্ষেপক সন্থাৰ প্ৰধান সম্পাদক বল্লদেব শৰ্মাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে ব্ৰিগেডিয়াৰ আনন্দ কুমাৰ, ষ্টেচন কামাণ্ডাৰ, সন্থাৰ সন্মানীয় উপ-সভাপতি হিমাদ্ৰী জ্যোতি দত্ত, নৱজীৱন শিশুগৃহৰ অধীক্ষক মনালিছা ভাগৱতী আৰু শ্ৰদ্ধা গৃহৰ অধীক্ষক ৰিতুমণি চহৰীয়া উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in