/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e74e8c14-9b5e-4a48-b478-1b04d3ed9c86/gauri1.jpg)
গৌৰী সদনত ভাৰতৰ ইতিহাসৰ বিকৃতকৰণ শীৰ্ষক আলোচনা চক্ৰ
ডিজিটেল ডেস্কঃ মঙলবাৰে মহানগৰীস্থিত দীঘলীপুখুৰীৰ নিকটৱৰ্তী গৌৰী সদনত "ভাৰতৰ ইতিহাসৰ বিকৃতকৰণ" শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। ৰাইজৰ দৃষ্টিত স্বাধীনতা দিৱসৰ ৭৫ বছৰ উদযাপন সমিতিৰ উদ্যোগত আজি এই আলোচনা চক্ৰৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9fe99a65-70c6-4b61-8f58-b9e9582a3f95/gauri.jpg)
বিশিষ্ট সংগীতশিল্পী লোকনাথ গোস্বামীয়ে সভাপতিত্ব কৰা আলোচনা চক্ৰখনৰ উদ্বোধন কৰে বিশিষ্ট চিন্তাবিদ,বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁইয়ে। সভাৰ প্ৰাক্-মুহুৰ্তত আয়োজক সমিতিয়ে বিশিষ্ট চিন্তাবিদ,বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁইক তেওঁৰ বাসগৃহৰ পৰা সভাস্থলীলৈ আদৰি আনে। উক্ত আলোচনা চক্ৰখনৰ আলোচক হিচাপে সভাত অংশগ্ৰহন কৰে ড০ ৰমেশ চন্দ্ৰ কলিতা আৰু ড০ কংকন ডেকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/50d52ef8-e743-4811-a498-4fa3dba3a396/gauri2.jpg)
ভাৰতৰ ইতিহাসৰ বিকৃতকৰণ সম্পৰ্কে দুয়োগৰাকী আলোচকে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। কোনোৱে ইতিহাস সম্পৰ্কে নিজা নিজা দৃষ্টিভংগীৰে বিশ্লেষণ কৰি তাক সম্প্ৰসাৰণ ঘটাই সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি আক্ষেপ প্ৰকাশ কৰে।
ড০ ৰমেশ চন্দ্ৰ কলিতাই লাচিত বৰফুকনৰ ইতিহাস সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে মহাৰাষ্ট্ৰৰ গণেশ চতুৰ্থী সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ বিশ্লেষণ কৰে। তেওঁ কয় যে, শাসনাধিষ্ঠিত দলৰ নেতা অমিত শ্বাহে ভাৰতৰ ইতিহাস সম্পৰ্কে জ্ঞান আছে নে নাই তাত তেওঁৰ সন্দেহ আছে। কিয়নো শ্বাহে বিভিন্ন সময়ত ইতিহাস সম্পৰ্কে বিভিন্ন মাধ্যমত বিভ্ৰান্তিমূলক মতামত দিয়াৰ কথা আলোচনাত উল্লেখ কৰে।
সভাত উপস্থিত থাকে ৰাণী গোহাঁই,নন্দিনী আলোচনীৰ সম্পাদক মাইনী মহন্ত,প্ৰবীণ ৰাজনৈতিক নেতা হেমেন দাস আদিয়ে।
আৰু পঢ়কঃ দিনবোৰ সলনি হ'ল