Advertisment

চতুৰ্থ অসম আৰক্ষীৰ পেৰেড গ্ৰাউণ্ডত সঞ্চালক প্ৰধান জি পি সিঙৰ বিদায় অনুষ্ঠান...

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব সামৰিলে জি পি সিঙে। ২৯ জানুৱাৰী ২০২৫ত অন্ত পৰিল ৪ বছৰীয়া এক পৰিক্ৰমাৰ। বুধবাৰে সন্ধিয়া অসম এৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জি পি সিঙে

author-image
Asomiya Pratidin
New Update
চতুৰ্থ অসম আৰক্ষীৰ পেৰেড গ্ৰাউণ্ডত সঞ্চালক প্ৰধান জি পি সিঙৰ বিদায় অনুষ্ঠা

চতুৰ্থ অসম আৰক্ষীৰ পেৰেড গ্ৰাউণ্ডত সঞ্চালক প্ৰধান জি পি সিঙৰ বিদায় অনুষ্ঠা

ডিজিটেল ডেস্ক : অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব সামৰিলে জি পি সিঙে। ২৯ জানুৱাৰী ২০২৫ত অন্ত পৰিল ৪ বছৰীয়া এক পৰিক্ৰমাৰ। বুধবাৰে সন্ধিয়া অসম এৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জি পি সিঙে। 

Advertisment

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব সুচাৰুৰূপে সামৰি তেওঁ গ্ৰহণ কৰিব নতুন দায়িত্ব। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে জি পি সিঙক। সেয়ে আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়েনৰ পেৰেড গ্ৰাউণ্ডত জি পি সিঙৰ বিদায় সভা অনুষ্ঠিত কৰা হয়। 

চতুৰ্থ অসম আৰক্ষীৰ পেৰেড গ্ৰাউণ্ডত সঞ্চালক প্ৰধান জি পি সিঙৰ বিদায় অনুষ্ঠান
চতুৰ্থ অসম আৰক্ষীৰ পেৰেড গ্ৰাউণ্ডত সঞ্চালক প্ৰধান জি পি সিঙৰ বিদায় অনুষ্ঠান

 

এই সভাত জি পি সিঙক বিদায় পেৰেডৰে সম্ভাষণ জনোৱা হয়। এই সম্ভাষণ গ্ৰহণ কৰি বিদায়ী সঞ্চালক প্ৰধানগৰাকী আবেগিক হৈ পৰে। বিদায়ী ভাষণত তেওঁ কেতবোৰ কথা উল্লেখ কৰে। 

আবেগবিহ্বল কণ্ঠেৰে অসমবাসীক শ্ৰদ্ধা জনাই তেওঁ কয়- আজি পেৰেডত মোক ইমান সুন্দৰ পৰিবেশ দিয়া বাবে ধন্যবাদ জনাইছো। অসম আৰক্ষীৰ কণিষ্ঠ তথা জ্যেষ্ঠ বিষয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছো। লগতে তেওঁক বিভিন্ন সময়ত কৰি অহা সহযোগিতাৰ বাবে পত্নী আৰু দুই কন্যাকো ধন্যবাদ জ্ঞাপন কৰে। 

বিদায়ী ভাষণত জি পি সিঙে কয়- মা কামাখ্যাৰ আশীষ লৈ মই আজি সন্ধিয়া অসম এৰিম। অসম এৰাৰ সময়ত মোৰ পিতৃ আৰু মাতৃৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো। এই চেগতে শ্ৰদ্ধাৰে সুঁৱৰিছো পূৰ্বৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, ভূমিধৰ বৰ্মন ,সৰ্বানন্দ সোণোৱালক। 

চতুৰ্থ অসম আৰক্ষীৰ পেৰেড গ্ৰাউণ্ডত সঞ্চালক প্ৰধান জি পি সিঙৰ বিদায় অনুষ্ঠান
চতুৰ্থ অসম আৰক্ষীৰ পেৰেড গ্ৰাউণ্ডত সঞ্চালক প্ৰধান জি পি সিঙৰ বিদায় অনুষ্ঠান

 

ইয়াৰ উপৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে জি পি সিঙে। তেওঁ কয় যে, ড০ শৰ্মাই মোক ডি জি পি বনালে। মোৰ প্ৰতি থকা তেওঁৰ আস্থাৰ বাবে মই সদাই কৃতজ্ঞ হৈ ৰ’ম। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে জি পি সিঙক ৰাতি ফোন কৰি খবৰ লোৱাৰ কথাও দোহাৰে। 

ভাষণ প্ৰসংগত জি পি সিঙে কয়- অসমৰ ৰাইজে মোক কোনো দিনে কষ্ট দিয়া নাই। অসমবাসীৰ মৰম মই নেপাহঁৰো। লগতে সংবাদক্ষেত্ৰৰে জড়িত সংবাদকৰ্মীসকলকো ধন্যবাদ জনাই তেওঁ কয় অসমৰ সংবাদ মাধ্যমে ডি জি পিক সমালোচনা কৰে, যদিও মোক সমালোচনা কৰা নাই। মই কেতিয়াও সংবাদ মাধ্যমৰ পৰা হাৰাশাস্তি পোৱা নাই। 

চতুৰ্থ অসম আৰক্ষীৰ পেৰেড গ্ৰাউণ্ডত সঞ্চালক প্ৰধান জি পি সিঙৰ বিদায় অনুষ্ঠান
চতুৰ্থ অসম আৰক্ষীৰ পেৰেড গ্ৰাউণ্ডত সঞ্চালক প্ৰধান জি পি সিঙৰ বিদায় অনুষ্ঠান

 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে আজি অনুষ্ঠিত হোৱা এই বিদায় পেৰেডত উপস্থিত থাকে পৰৱৰ্তী ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিং, মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ লগতে শীৰ্ষ বিষয়াসকল।

ইফালে জি পি সিঙৰ বিদায়ৰ আগমুহূৰ্তত তেওঁৰ বাসগৃহলৈ গৈ পৰৱৰ্তী দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে জি পি সিঙৰ কাৰ্যকালৰ বিগত চাৰিটা বছৰত অসমত অভূতপূৰ্ব শান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে। অপৰাধৰ হাৰ সৰ্বকালৰ নিম্নগামী স্তৰত উপনীত হোৱাৰ দোষী সাব্যস্ত হোৱাৰ হাৰে ক্ৰমাগতভাৱে উন্নীত হৈছে আৰু আইন-শৃংখলা দৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈছে। 

জি পি সিঙক সাক্ষাত মুখ্যমন্ত্ৰীৰ
জি পি সিঙক সাক্ষাত মুখ্যমন্ত্ৰীৰ

 

অসম আৰক্ষীৰ সন্মানীয় সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে 'কা' আন্দোলনৰ প্ৰত্যাহ্বানমূলক তথা অন্যান্য জটিল পৰিস্থিতিৰ সময়ত তেখেতৰ নেতৃত্বত অসমৰ সমাজ ব্যৱস্থাত এক গভীৰ প্ৰভাৱ পেলাইছিল ৷ আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ লোৱাৰ মুহূৰ্তত তেখেতৰ বাসগৃহত উপস্থিত হৈ ভৱিষ্যতৰ কৰ্মময় জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

Assam police Dr. Himanta Biswa Sarma DGP GP singh