নগাঁৱৰ সৰবৰহী যুৱক দিপু লিগিৰাৰ মৃত্যু...

যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে
দিপু লিগিৰা
দিপু লিগিৰা

ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ উত্তৰ হয়ৱৰগাঁও লিগিৰা চুবুৰী নিৱাসী সৰবৰহী যুৱক, সমাজকৰ্মী দিপু লিগিৰাৰ (৪৪) দুৰ্ঘটনাত আহত হৈ শুকুৰবাৰে বিয়লি কৰুণ মৃত্যুক সাৱতি লয়। লিগিৰাৰ অকাল বিয়োগত অঞ্চলজুৰি গভীৰ শোঁকৰ ছাঁ পৰিছে।

উল্লেখ যে,যোৱা ২ ডিচেম্বৰত পত্নীৰ সৈতে চামগুৰিৰ এখন বিবাহৰ পৰা ঘৰলৈ আহি থকাৰ পথত চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে তেওঁক নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰে যুজি অৱশেষত আজি বিয়লি মৃত্যু হয় সৰবৰহী যুৱক দিপু লিগিৰাৰ ৷

আনহাতে, উক্ত দুৰ্ঘটনাত তেওঁৰ পত্নীও আঘাতপ্ৰাপ্ত হয় যদিও সম্প্ৰতি তেওঁ বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷ মৃত্যুৰ সময়ত সৰবৰহী যুৱকজনে বৃদ্ধ মাতৃ,পত্নী,একমাত্ৰ কন্যাৰ লগতে তিনি গৰাকী ভগ্নীক ইহ সংসাৰত এৰি থৈ যায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in