/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f0544ee5-baef-4d41-85f8-3f7cbe19602f/school.jpg)
এজনীয়া শিক্ষকৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ দুৰাৱস্থা
ডিজিটেল সংবাদ,বেবেজীয়াঃ শিক্ষকৰ অভাৱেৰে চলিছে ৰহাৰ কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়। ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নথকাত ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ বাবে বিদ্যালয় পৰিচালনা সমিতিয়ে লৈছে এক সিদ্ধান্ত।
সিদ্ধান্ত মৰ্মে ভাড়াতীয়া শিক্ষকক বিদ্যালয়ত পাঠদানৰ দ্বায়িত্ব দিব লগীয়া হৈছে । এই বিদ্যালয়খনৰ নাম মনিপুৰটুপ ডেকাগাঁও প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনত আছে ১৬৮ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰ বিপৰিতে আছে মাত্ৰ এজন শিক্ষক। এইজন শিক্ষকে দৈনিক পাঠদান কৰিব লগা হৈছে প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ba32ad18-2220-4b9e-976f-b1d502bdce29/887fa19f_f2b1_4d21_9827_19c9067154de.jpg)
জানিব পৰা মতে, শিক্ষক বিচাৰি বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন কৰিয়ো গুৰুত্ব নিদিয়াৰ অভিযোগ। ফলত গুণগত শিক্ষালাভৰ পৰা বঞ্চিত এই সকল ছাত্ৰ-ছাত্ৰী। পাছে শেহতীয়াকৈ বিভাগৰ পৰা বিদ্যালয়খনত এগৰাকী শিক্ষয়িত্ৰীক সংযোগ কৰি দিছে যদিও ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক পৰ্যাপ্ত নহয়।
সেয়ে বিদ্যালয় পৰিচালনা সমিতিয়ে অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ লক্ষ্য কৰি মাহে পোন্ধৰশ টকাকৈ দিয়াৰ বন্দোৱস্তিৰে এগৰাকী স্থানীয় মহিলাক নিযুক্তি দিছে। তদুপৰি কেতিয়াবা মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে, অংগনবাড়ী কৰ্মীয়েও পাঠদান কৰিবলগীয়া হয় বিদ্যালয়খনত। যিটো সময়ত চৰকাৰে প্ৰাথমিক শিক্ষা ব্যৱস্থাক আধুনিকীকৰণৰ শ্ল'গান দিছে, সেই সময়তে শিক্ষকৰ অভাৱে মনিপুৰটুপ ডেকাগাঁও প্ৰাথমিক বিদ্যালয়ৰ পঁয়া লগা অৱস্থাই উদঙাইছে প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ। সেয়ে অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি নিদি বিদ্যালয়খনত শীঘ্ৰে শিক্ষক নিযুক্তি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9f8e94bc-028f-42ad-b252-ec253748efe0/b54f00b1_be7e_47f0_b648_855861a4f3c1.jpg)
ৰহাৰ একাংশ সাংবাদিকৰ চৰজমিন প্ৰতিবেদনত উন্মোচিত হৈছে বহু তথ্য। ১৯৬২ চনতে স্থাপিত এই বিদ্যালয়খনত প্ৰধান শিক্ষক লক্ষ্মীকান্ত ডেকাৰজাই ২০০৬ চনৰ পৰা ২০১২ জনলৈ অকলে এজনীয়া শিক্ষক হিচাবে পাঠদানৰ পাছত টেটতৰ জৰিয়তে পালে দুজন শিক্ষক ।
ৰাজশ্ৰী বৰা নামৰ শিক্ষক জনে ৰেগুলাৰ হৈ বিদ্যালয়ৰ পৰা গুছি গ'ল আৰু মৃনাল ভট্টাচাৰ্য্য নামৰ শিক্ষক জনৰ মৃত্যু হোৱাত লক্ষ্মীকান্ত ডেকাৰজাই পুনৰ ২০১৫ চনৰ পৰা ২০২১ চনলৈ এজনীয়া শিক্ষক হ'ল। ২০২১ চনত মনোৰঞ্জন সোনোৱালক নিযুক্তি দিলে যদিও তেওঁ এম ই স্কুলত ৰেগুলাৰ পদ পাই বিদ্যালয় এৰি গুছি যোৱাত পুনৰ এজনীয়া শিক্ষক হৈ পৰে বিদ্যালয়খন ।
শেহতীয়াকৈ ২০২২ চনৰ ৬ অক্টোবৰত অমৰাৱতী প্ৰাথমিক বিদ্যালয়ৰ পৰা দেইজী ৰয় ভূঞা নামৰ শিক্ষয়িত্ৰী গৰাকীক বিদ্যালয়ত সংলগ্ন কৰিছে যদিও ১৬৮ জন ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ অসুবিধা হোৱাত গাঁৱখনৰ বোৱাৰী মৌচুমী বৰুৱা বৰদলৈক বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকে মাহে ১৫ শ টকাৰ বিনিময়ত বিদ্যালয় খনত পাঠদান কৰিবলৈ দিছে ।
বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু মাতৃ গোটে উল্লেখ কৰে যে, ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নোহোৱাত কেতিয়াবা ৰান্ধনীয়ে পঢ়ুৱাব লাগে , অংগনাবাড়ী কৰ্মীয়েও পঢ়ুৱাবলগীয়া হৈছে । বৰ্তমান বিদ্যালয় খনত পঞ্চম শ্ৰেণীত ৩৯ জন, চতুৰ্থ শ্ৰেণীত ২৮ জন, তৃতীয় শ্ৰেণীত ২১ জন , দ্বিতীয় শ্ৰেণীত ৩০ জন ,প্ৰথম শ্ৰেণীত ২২ জন , আৰু " ক" শ্ৰেণীত ২৮ জন ছাত্ৰ-ছাত্ৰী আছে বুলি জানিবলৈ দিয়ে ।
আৰু পঢ়কঃ নগাঁৱৰ শিমলুগুৰিত অগ্নিকাণ্ড...