ডিফু লেখিকা সমাৰোহ সমিতিৰ সৌজন্যত ৰশ্মি ক্ৰপী সোঁৱৰণী ন্যাস বঁটা প্ৰদান

ডিফু লেখিকা সমাৰোহ সমিতিৰ সৌজন্যত ৰশ্মি ক্ৰপী সোঁৱৰণী ন্যাস বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
ডিফু লেখিকা সমাৰোহ সমিতিৰ সৌজন্যত ৰশ্মি ক্ৰপী সোঁৱৰণী ন্যাস বঁটা প্ৰদান

ডিজিটেল সংবাদ, হাওৰাঘাট: দেওবাৰে ডিফুস্থিত ডক্তৰ মামণি ৰয়ছম গোস্বামী ভৱনত কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ ডিফু শাখাৰ উদ্যোগত ৰশ্মি ক্রপী সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰা হয় । ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী গীতা বৰাৰ সঞ্চালনাত প্ৰত্যেক বছৰৰ দৰে এইবাৰো বঁটা প্ৰদান অনুষ্ঠানত বহু লোক উপস্থিত থাকে।

Advertisment

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে প্ৰবন্ধকাৰ তথা সু-লেখক ৰেকিবুদ্দিন আহমেদ, বিশিষ্ট লেখক ও চিন্তাবিদ পৱিত্ৰ বৰা, প্ৰয়াত ৰশ্মি ক্রপীৰ মাতৃ গীতাঞ্জলি দাস ক্ৰ, কাৰ্বি সাহিত্য তথা কলা-সংস্কৃতিৰ নীৰৱ সাধক লুঞ্চে টিমুং, কাংবুৰা ছিংনাৰ, ক্লীৰদাপ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য শ্ৰৱণজীত টেৰণকে প্ৰমুখ্যে কৰি ডিফুৰ বহুকেইগৰাকী গণ্য-মান্য লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাহাৰীয়া জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা দুগৰাকী ছাত্ৰ ক্ৰমে লুমাৰ্চন টিমুং আৰু বিশ্বজিৎ শৰ্মালৈ চলিত বৰ্ষৰ ৰশ্মি ক্ৰপী সোঁৱৰণী ন্যাস বঁটা আগবঢ়োৱা হয়।

আনহাতে উক্ত বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত ৰশ্মি ক্ৰপীৰ অতি ঘনিষ্ঠ সুৰভী ক্ৰপীয়ে প্ৰয়াত ৰশ্মিৰ গুণ আৰু জ্ঞানৰ কথা কৈ শোকত ভাগি পৰা লগতে উপস্থিত ৰাইজৰো মন-প্ৰাণ আৱেগিক কৰি তোলে।

Also Read: বেয়া খবৰঃ মুম্বাইত ৰহস্যজনক মৃত্যু অসমৰ অভিনেত্ৰীৰ...

Writers' Conference Committee diphu