/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8b868212-a7da-4e5d-bcce-b01dd9a0bebd/69a38dcf_968c_4547_abbe_a0545b9552a4.jpg)
ডিজিটেল ডেস্কঃ মুম্বাইৰ ফ্লেটত উদ্ধাৰ হৈছে মডেল তথা অভিনেত্ৰী নুৰ মালবিকা দাসৰ মৃতদেহ। জনপ্ৰিয় ৱেব ছিৰিজ দ্য ট্ৰায়েলত কাজলৰ সৈতে অভিনয় কৰা অসমৰ এইগৰাকী অভিনেত্ৰীৰ নশ্বৰ দেহ মুম্বাইৰ এটা ফ্লেটৰ ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে এয়া আত্মহত্যা বুলি সদৰি কৰিলেও বৰ্তমানলৈকে চলি আছে ঘটনাৰ সন্দৰ্ভত তদন্ত।
উল্লেখ কৰা প্ৰয়োজন যে, মুম্বাইৰ লখনৱাড়াৰ এখন ফ্লেটত অকলেই বাস কৰিছিল অসমৰ অভিনেত্ৰীগৰাকীয়ে। পূৰ্বে এয়াৰ হোষ্টেজ হিচাপে কৰ্মৰত মালবিকাই বলিউদত খোজ পেলায়ে বহুকেইটা প্ৰকল্পৰ সৈতে জড়িত হৈ আছিল। কেইবাদিনো ধৰি ঘৰৰ পৰা ওলাই নহাৰ বাবে চুবুৰীয়াই সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে আহি উদ্ধাৰ কৰে মালবিকাৰ নশ্বৰ দেহ।
মালবিকাৰ এগৰাকী বন্ধুয়ে আৰক্ষীক জনাইছে যে, যোৱা সপ্তাহত পৰিয়ালৰ সৈতে মুম্বাই হাঁহি-স্ফূৰ্তিৰে আছিল মালবিকা। কেইদিনমানৰ পূৰ্বেহে পৰিয়ালৰ লোক ঘৰলৈ উভতি আহিছিল। যোৱা ৯জুনত মুম্বাইতে মালবিকাৰ শেষকৃত্য সম্পন্ন কৰা হয়। ছিছকিয়া, ৱৰ্কমেন, টিখি চাটনী, বেকৰোড দৰে হিন্দী ৱেবচিৰিজত অভিনয় কৰিছিল মালবিকাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us