লামডিঙত যুৱতীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

লামডিঙত যুৱতীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

ডিজিটেল সংবাদ,ডিফুঃ ডিফুৰ লামডিঙত নিশা দুৰ্বৃত্তৰ গুলীত নিহত এগৰাকী যুৱতী। নিহত যুৱতী গৰাকীৰ নাম হুকুৰি তিচ’পী বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, যুৱতী গৰাকীৰ আচল ঘৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডেনগাঁও বিৱাৰত। কিন্তু জ্যেষ্ঠ আৰু কণিষ্ঠ ভগ্নীৰ পঢ়া-শুনাৰ বাবে এমাহ পূৰ্বে ডিফুৰ আৰলংলাংছত বাস কৰিব লৈছিল মৃত তিচ’পী।

সোমবাৰে নিশা সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই। শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে হুকুৰী তিচ’পীক। হত্যাকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত উক্ত স্থানত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

লামডিঙত যুৱতীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ
প্ৰকৃতিৰ ৰোষত ছিকিমঃ ধাৰাসাৰ বৰষুণৰ ফলত নিহত ৩,সন্ধানহীন বহু লোক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in