ডিমা হাচাওত ভূমিস্খলনে প্ৰাণ কাঢ়িলে দুজনকৈ লোকৰঃ আহত ৯

ঘটনাত নিহত দুজন লোক ক্ৰমে হুজানজেন গাম্বাৰ বাসিন্দা হুয়াজেনাম ৰিয়াম (৬০) আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোত কৰ্মৰত এক্সকেভেটৰ অপাৰেটৰ ফেৰো টিগা (৩৯)।

New Update
1

ডিজিটেল ডেস্কঃ  অসমৰ ডিমা হাচাও জিলাৰ অন্তৰ্গত মাহুৰ থানা এলেকাৰ হাংৰুম গাঁৱত কালি নিশা প্ৰচণ্ড বৰষুণৰ পাছত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন পাহৰৰ কিছু অংশ খহি পৰি দুজনকৈ লোকৰ মৃত্যু হোৱা লগতে কেবাজনো আহত হয়।

Advertisment

ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, মাহুৰ আৰু মণিপুৰৰ তামেংলং সংযোগী নিৰ্মীয়মাণ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। সেই সময়ছোৱাত ঘটনাস্থলীত কৰ্মৰত আছিল কেবাগৰাকীও শ্ৰমিক। পাহাৰৰ ঢালৰ এটা বৃহৎ অংশ হঠাত পথত খহি পৰাৰ ফলত শ্ৰমিকসকল আৱদ্ধ হৈ পৰিছিল।

ঘটনাত নিহত দুজন লোক ক্ৰমে হুজানজেন গাম্বাৰ বাসিন্দা হুয়াজেনাম ৰিয়াম (৬০) আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোত কৰ্মৰত এক্সকেভেটৰ অপাৰেটৰ ফেৰো টিগা (৩৯)। আনহাতে ভূমিস্খলনত ৪ গৰাকী শ্ৰমিক আহত হোৱা লগতে ৫ গৰাকী স্থানীয় লোকো আহত হয়।

 আহত সকলক চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। ইফালে ঘটনা সংঘটিত হোৱা পাছতে স্থানীয় লোকে অভিযোগ কৰে যে পথ নিৰ্মানৰ নামত প্ৰতিষ্ঠান সমূহে যধে-মধে গছ কটা ফলতে এনে ঘটনা সংঘটিত হৈছে।

ডিমা হাচাও