বিকশিত দেশৰ লক্ষ্যৰে সকলোৱে মোডীৰ হাত শক্তিশালী কৰকঃ দিলীপ শইকীয়া

দেশৰ দৰিদ্ৰ পৰিয়ালৰ উন্নয়নে বিজেপিৰ মূল লক্ষ্য

author-image
Asomiya Pratidin
New Update
বিকশিত দেশৰ লক্ষ্যৰে সকলোৱে মোডীৰ হাত শক্তিশালী কৰকঃ দিলীপ শইকীয়া

ডিজিটেল সংবাদ,ওদালগুৰিঃ সোমবাৰে এনডিএ চৰকাৰৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ পাছতে ওদালগুৰি বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্য্যালয়ত বিষয়টো সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে সাংসদ দিলীপ শইকীয়াই। সংবাদ মাধ্যমৰ সন্মুখত ইস্তাহাৰ সন্দৰ্ভত তেওঁ কয় যে, "এইবাৰৰ নিৰ্বাচনী ইস্তাহাৰখন মুঠ ২৪ টা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰস্তুত কৰা হৈছে। আমাৰ মূল লক্ষ্য হৈছে দেশৰ দৰিদ্ৰ পৰিয়ালৰ উন্নয়ন। তেনে পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত কাম কৰি আহিছো আৰু কৰি যাম। গতিকে গৰীৱ কল্যানৰ সমান্তৰালভাৱে মধ্যবৃত্ত শ্ৰেণীৰ উন্নয়নৰ দিশটোত অগ্ৰাধিকাৰ দিয়া হৈছে।"

Advertisment

সমান্তৰালভাৱে তেখেতে মহিলা সৱলীকৰণ,যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ আৰু জ্যেষ্ঠ নাগৰিকৰ সা-সুবিধা প্ৰদানৰ বিষয়টো সংবাদ মেলত উত্থাপন কৰে। ইয়াৰোপৰি কৃষক শ্ৰেণীৰ উন্নয়নৰ অৰ্থে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদানৰ বিষয়টো ইস্তাহাৰত উল্লেখ থকাৰ কথা জানিবলৈ দিয়ে। লগতে মীন উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা বিষয়টো উল্লেখ কৰি সংগঠিত আৰু অসংগঠিত শ্ৰমিক শ্ৰেণীৰ উন্নয়নৰ দিশ সন্দৰ্ভতো ইস্তাহাৰত স্থান পোৱা বুলি জানিবলৈ দিয়ে। ইফালে পিএম বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগ কুটীৰ শিল্প বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰি সকলোৰে বাবে উন্নয়নৰ বিষয়টো এইবাৰৰ নিৰ্বাচনী ইস্তাহাৰত স্থান পোৱা সন্দৰ্ভতো শইকীয়াই আলোকপাত কৰে।

সংবাদমেলখনত শইকীয়াই কয়,"ভাৰতবৰ্ষক বিশ্ববন্ধু তথা সুৰক্ষিত ভাৰত গঢ়াৰ ক্ষেত্ৰত দেশৰ নিৰাপত্তাৰ দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্ব যোগাযোগৰ ক্ষেত্ৰত ভাৰতবৰ্ষক আগুৱাই নিয়াৰ অৰ্থে সকলো যোগাযোগ ব্যৱস্থাৰ বিকাশ ঘটোৱা হৈছে। চহৰত বাস কৰা জনসাধাৰণৰ জীৱন সুবিধাৰ লগতে সুশাসনৰ দিশটোও ইস্তাহাৰত অন্তৰ্ভূক্ত হৈছে।" আনহাতে স্বাস্থ্যখণ্ডৰ দিশটোৰ ওপৰত আলোকপাত কৰি দেশৰ স্বাস্থ্যখণ্ডৰ উন্নয়ন ঘটাই এখন স্বাস্থ্যৱান ভাৰত গঢ়াৰ লক্ষ্য হাতত লোৱাৰ সমান্তৰালভাৱে শিক্ষাখণ্ডত শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। ইয়াৰোপৰি ক্ৰীড়াক্ষেত্ৰৰ উন্নয়ন,বৈষম্যহীনভাৱে দেশৰ সকলো অঞ্চলৰ উন্নয়ন তথা আঞ্চলিক বৈষম্যহীন উন্নয়ণ তথা প্ৰযুক্তি বিদ্যাৰ বিকাশৰ দিশটোৰ ওপৰতো ইস্তাহাৰখনে গুৰুত্ব আৰোপ কৰা বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে।

মঙলবাৰে সম্বোধন কৰা এই সংবাদমেলত আগন্তুক ২৫ বছৰক স্বাধীনতাৰ অমৃতকাল হিচাপে লৈ এই নিৰ্বাচনী ইস্তাহাৰখন প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰে।সংবাদমেলখনত সাংসদ শইকীয়াই বিগত দিনবোৰত এনডিএ চৰকাৰখনে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা,বিশুদ্ধ খোৱাপানী আঁচনি,আয়ুস্মান ভাৰত আঁচনি,দক্ষ বিকাশ আঁচনি,যুৱশক্তিৰ বিকাশৰ বাবে প্ৰদান কৰা ঋণৰ আঁচনি,কৃষক নিধি আঁচনি, উজ্বলা আঁচনিৰ লগতে বিনামূলীয়া শৌচালয় প্ৰদানৰ তথ্যও প্ৰদান কৰে। সংবাদমেলখনত বিজেপিৰ দলীয় কৰ্মীৰে লগতে ইউপিপিএল, অগপৰ নেতা কৰ্মীও উপস্থিত থাকে।

Also Read: ১৯ এপ্রিলত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ

ওডালগুৰি সাংসদ দিলীপ শইকীয়া এনডিএ