Advertisment

১৯ এপ্রিলত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ

১৯ এপ্রিলত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ

author-image
Asomiya Pratidin
New Update
১৯ এপ্রিলত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ

ডিজিটেল সংবাদ,গুৱাহাটীঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা আয়োজন কৰা হৈছে। ১৯ এপ্রিলৰ সন্ধিয়া ৬.৩০ বজাৰ পৰা ৮ বজাৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই।

Advertisment

এই কৰ্মশালাখনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হোৱা শিক্ষাৰ্থীসকল তথা আন শ্রেণীত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলেও অংশগ্রহণ কৰিব পাৰিব। কৰ্মশালাখনি গুগল মিটৰ যোগেদি অনুষ্ঠিত হ’ব আৰু ইয়াত যোগদান কৰিবৰ বাবে ক’ড (code)হ’ল hny-oetj-rqs। এই সন্দৰ্ভত সবিশেষ জানিব বিচৰা আগ্রহী শিক্ষাৰ্থী তথা অভিভাৱকসকলে ই-মেইল (hod.mne@dbuniversity.ac.in) বা ফোনত (৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰিব।

Also Read: বটদ্ৰৱাত আইডিয়েল ইংলিছ স্কুলৰ শুভ উদ্বোধন

গুৱাহাটী কৰ্মশালা বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং