জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ প্ৰাণ প্ৰতিষ্ঠাতা দিলীপ কুমাৰ বৰাৰ দেহাৱসান...

জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ প্ৰাণ প্ৰতিষ্ঠাতা দিলীপ কুমাৰ বৰাৰ দেহাৱসান...

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ দেওবাৰে গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত মিছামাৰী নিবাসী, বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰা(৬৮)ৰ মত্যু হয়। যোৱা এমাহ ধৰি গুৱাহাটীত চিকিৎসাধীন অৱস্থাত জীৱন মৃত্যুৰে যুঁজি শেষ নিশ্বাস ত্যাগ কৰে অৱসৰপ্ৰাপ্ত বেংক বিষয়া তথা গহপুৰৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ প্ৰাণ প্ৰতিষ্ঠাতা দিলীপ কুমাৰ বৰাই।

উল্লেখযোগ্য যে-জীৱনৰ সুদীৰ্ঘ দিন ইউক' বেংকৰ লগত জড়িত হৈ এগৰাকী বেংক বিষয়া হিচাপে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই ইউক' বেংকৰ গহপুৰ শাখাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল তেওঁ। গহপুৰত কাৰ্য্যনিৰ্বাহ কৰা সময়ত তেওঁ জন্ম দিছিল জ্ঞান ভাৰতী পাব্লিক স্কুল নামেৰে এখন শৈক্ষিক প্ৰতিষ্ঠানৰ। দিলীপ কুমাৰ বৰা ফাউণ্ডেছনৰ অধীনত পৰিচালিত বিদ্যালয়খনৰ উন্নয়নৰ বাবে আহোপুৰুষাৰ্থ কৰি আহিছিল দিলিপ কুমাৰ বৰাই।

উল্লেখযোগ্য যে-আৰ্তজনক সহায় কৰাতো দিলিপ কুমাৰ বৰাৰ আছিল এটা মহৎ গুণ।অঞ্চলটোত তেওঁ এগৰাকী মানৱদৰদী ব্যক্তি হিচাপে পৰিচিত আছিল। তদুপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ দান-বৰঙণি আগবঢ়োৱাৰ ক্ষেত্ৰতো আছিল তেওঁৰ এখন বিশাল হৃদয়। ঘৰৰ ওচৰৰ এটা ৰাজহুৱা নামঘৰ তেওঁ প্ৰায় আঢ়ৈ লাখ টকা ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰি দি এক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে তেওঁ। এগৰাকী স্পষ্টবাদী আৰু সময়ৰ লগত যুজঁ দিব পৰা ব্যক্তি হিচাপে পৰিচিত দিলীপ কুমাৰ বৰা এগৰাকী সাহসী ব্যক্তি হিচাপে সকলোৰে মাজত সমাদৃত আছিল।

সদায় সততা আৰু নিয়মানুবৰ্তিতাৰ মাজেৰে চলি অহা বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে শোকস্তব্ধ হৈ পৰে গহপুৰবাসী। তেওঁৰ মৃত্যুত জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ অধ্যক্ষ ডঃ যুগল বৰাৰ লগতে বিদ্যালয়খনৰ সমূহ পৰিয়াল বৰ্গ, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অঞ্জন কুমাৰ ওজা, সদৌ অসম সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক ভুৱন শইকীয়া,গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ৰ উপদেষ্টা ভাস্কৰ জ্যোতি ভূঞা, সভাপতি পল্লৱ বৰা,সাধাৰণ সম্পাদক বিপ্লৱ নেওগ,গহপুৰ মহকুমা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিই শোক প্ৰকাশ কৰিছে।

আমলখি দলনী নামঘৰ পৰিচালনা সমিতি, মিছামাৰী ব্যৱসায়ী সন্থা, মিছামাৰী যুৱক সংঘ, আনন্দ চন্দ্ৰ আগৰৱালা কনিষ্ঠ মহাবিদ্যালয়, ছহিদ মুকুন্দ কাকতি হাইস্কুল, ইউক' বেংকৰ বিষয়া-কৰ্মচাৰী, গহপুৰ মহকুমা প্ৰেছ গিল্ড, সুৰভি সাহিত্য সমাজ প্ৰমুখ্যে বিভিন্ন ব্যক্তি আৰু দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

মৃত্যুৰ সময়ত তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী তৃপ্তি ৰাজখোৱা বৰা, দুই কন্যা জিলমিল বৰা তামুলী, জিকমিক বৰা হাজৰিকা, দুগৰাকী জোঁৱাই গৌৰাংগ তামুলী, যদুনন্দন হাজৰিকাৰ লগতে কেইবাটিও নাতি-নাতিনী আৰু বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।

জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ প্ৰাণ প্ৰতিষ্ঠাতা দিলীপ কুমাৰ বৰাৰ দেহাৱসান...
জামুগুৰিহাটত কৃষকৰ বেদনাঃ শেষ ভৰষা কেৱল বৰুণ দেৱতা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in