বৰপুল্লাত দিলীপ গোস্বামীৰ ‘কুটুলেং কুটুলেং’ উন্মোচন

পশ্চিম বড়িগোগ উন্নয়ন পৰিষদৰ উদ্যোগত দেওবাৰে দিলীপ গোস্বামীৰ নৱতম গ্ৰন্থ ‘কুটুলেং কুটুলেং’ উন্মোচন কৰা হয়। পশ্চিম বড়িগোগ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত...

author-image
Asomiya Pratidin
New Update
book

ডিজিটেল সংবাদ, হাজো : পশ্চিম বড়িগোগ উন্নয়ন পৰিষদৰ উদ্যোগত দেওবাৰে দিলীপ গোস্বামীৰ নৱতম গ্ৰন্থ ‘কুটুলেং কুটুলেং’ উন্মোচন কৰা হয়। পশ্চিম বড়িগোগ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড০ আনন্দ বৰমুদৈয়ে আনুষ্ঠানিকভাৱে গ্ৰন্থখনি উন্মোচন কৰে। 

উল্লেখযোগ্য যে গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে প্ৰভাত ডাউকাই। সভাত আমন্ত্ৰিত অথিতি হিচাপে উপস্থিত থাকে সাহিত্যিক মুনিন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, শিক্ষাবিদ নিত্যনন্দ কলিতা আদি। হুমায়ুন চৌধুৰীয়ে আঁত ধৰা সভাত উদ্ধোধনী ভাষণ প্ৰদান কৰে শিক্ষক ভবেশ বৈশ্যই। অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থ অনুৰাগী উপস্থিত থাকি অনুষ্ঠানটোৰ সৌস্তব বৃদ্ধি কৰে।

hajo