দীঘলীপুখুৰীৰ লগত অসমীয়াৰ আৱেগো ১৫ বছৰলৈ লিজত দিলে অসম চৰকাৰে...

দীঘলীপুখুৰীৰ লগত অসমীয়াৰ আৱেগো ১৫ বছৰলৈ লিজত দিলে অসম চৰকাৰে...
দীঘলীপুখুৰীৰ লগত অসমীয়াৰ আৱেগো ১৫ বছৰলৈ লিজত দিলে অসম চৰকাৰে...

ডিজিটেল ডেস্কঃ মহাভাৰতৰে সম্পৰ্ক থকা ঐতিহাসিক দীঘলীপুখুৰী ৰাজ্য চৰকাৰে গতালে গুজৰাটী বনিয়াক। প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই তেওঁৰ কন্যা দীঘলীৰ নামেৰে খন্দোৱা এই পুখুৰী এতিয়াৰে পৰা গুজৰাটীৰ তত্বাৱধানত থাকিব।

ফলশ্ৰুতিত দীঘলীপুখুৰী পাৰতেই জৰণি লৈ থকা সুধাকণ্ঠ ভূপেন হাজৰিকা, সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাও গ'ল এই গুজৰাটী প্ৰতিষ্ঠানলৈ। এক কথাত অসমীয়াৰ আৱেগক বিক্ৰী কৰিলে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে।

অতি শেহতীয়াকৈ দীঘলীপুখুৰী গুজৰাটৰ ই চি এইছ টি কংলোমেৰাত প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানক গতাইছে। এই বিষয়ে আম আদমি পাৰ্টীৰ নেতা জিতুল ডেকাই সংবাদ মেলৰ জৰিয়তে সবিশেষ ফাদিল কৰিছে।

জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বি জে পি চৰকাৰখনে এপদ এপদ কৈ অসমৰ সম্পদ বহি: ৰাজ্যৰ পুঁজিপতি, গুজৰাটৰ ব্যৱসায় প্ৰতিষ্ঠানক গোটোৱাত নামি পৰিছে । তথাকথিত উন্নয়নৰ নামত চৰকাৰখনে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক অসমলৈ ৰঙা দলিচাৰে আদৰণি জনাইছে।

শেহতীয়াকৈ বিজেপি চৰকাৰ খনে গুৱাহাটীৰ মাজমজিয়াত থকা সৌন্দয্যৰ আকৰ, গুৱাহাটীৰ গৌৰৱ দীঘলীপুখুৰীটোও গঢ়াইছে গুজৰাটী ব্যৱসায়ী প্রতিষ্ঠানক। ' ই চি এইচ টি কংলোমেৰাত প্রাইভেট লিমিটড' নামৰ গুজৰাটৰ আহমেদাবাদৰ প্ৰতিষ্ঠানটোক দীঘলীপুখুৰীৰ লগতে পাৰ্ক, ৰেস্তোৰাঁ, নৌকা আদি সকলো ১৫বছৰৰ বাবে আবণ্টন দিছে পর্যটন বিভাগে।

এই সন্দৰ্ভত আপৰ উপ-সভাপতি জিতুল ডেকাই কয় যে, এই দীঘলীপুখুৰীৰ পাৰ্ক, ৰেস্তোৰাঁ আগতে এগৰাকী অসমীয়া লোকে চলাইছিল। নাওঁ কেইখন চলাইছিল বিভাগে নিজে। কিন্তু হঠাৎ চৰকাৰে এনেদৰে গুজৰাটৰ ব্যৱসায়ীক গটাই দিয়া কাৰ্যই হোটেল, ৰেস্তোৰাৰ ব্যৱসায় কৰা সফল অসমীয়া ব্যৱসায়ীসকল আচৰিত হৈছে।

কাৰণ অসমত এতিয়া হোটেল, পর্যটন ক্ষেত্ৰখনত বহু স্থানীয় সফল উদ্যোগীয়ে আত্মপ্রকাশ কৰিছে। কিন্তু চৰকাৰৰ নজৰত দীঘলীপুখুৰীৰ পর্যটন ক্ষেত্ৰখন চলাব পৰা কোনো অসমীয়া উদ্যোগী নোলাল। সেয়ে গুজৰাটৰ ব্যৱসায়িক দীঘলী পুখুৰী গতালে ।

পর্যটন বিভাগে এই নিবিদা প্ৰক্ৰিয়া স্বচ্ছতাৰে সম্পন্ন কৰা নাছিল । এই নিবিদাৰ কথা বহুল ভাবে প্ৰচাৰ নকৰিলে । যিখন চৰকাৰে নিবনুৱাক ব্যৱসায় কৰিবলৈ দুই লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে সেইখন চৰকাৰে দীঘলীপুখুৰীক কেন্দ্ৰ কৰি গঢ় কৈ উঠা ব্যৱসায়সমূহ অসমীয়া যুৱকক দিব লাগিছিল।

সাধাৰণ দীঘলীপুখুৰীটোও গুজৰাটৰ ব্যৱসায়ী প্ৰতিষ্ঠানক গতোৱা চৰকাৰখনে সংগোপনে আৰু কি কি সম্পদ গতাব, তাৰ ওপৰত নজৰ ৰাখিব লাগিব । হয়তো কাইলৈ শিলসাঁকো অঞ্চলটোও এনে ব্যক্তিগত প্রতিষ্ঠানক গটাই দিব।

ইয়াৰোপৰি তেওঁ কয়, সকলো সা সুবিধা থকাৰ পিছতো চৰকাৰী বিভাগসমূহো এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীল হ'বলগা হৈছে । ইতিমধ্যে চৰকাৰী সদিচ্চাৰ অভাৱত ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান এফালৰ পৰা ব্যক্তিগতকৰণ হব ধৰিছে। চৰকাৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ২০০খনকৈ ইলেকট্রিক বাছ, পশু চিকিৎসা বিভাগৰ ভ্ৰাম্যমাণ চিকিৎসা গোটক ব্যক্তিগত প্ৰতিষ্ঠানক গতাবলৈ প্ৰস্তুতি চলাইছে।

দীঘলীপুখুৰীৰ লগত অসমীয়াৰ আৱেগো ১৫ বছৰলৈ লিজত দিলে অসম চৰকাৰে...
চৰকাৰৰ সুৰাপায়ীয়েই শেষ ভৰসা ! ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি মূল্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in