ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ এবছু সভাপতি দ্বীপেন বড়োৰ প্ৰতিক্ৰিয়া...

ৰেগিং কাণ্ডত জড়িত ছাত্ৰ আৰু নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ ৱাৰ্ডেনৰ কঠোৰ শাস্তি দাবী

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ  এবছু সভাপতি দ্বীপেন বড়োৰ প্ৰতিক্ৰিয়া...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ এবছু সভাপতি দ্বীপেন বড়োৰ প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, চিৰাংঃ সমগ্ৰ ৰাজ্যত তোলপাৰ লগোৱা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড সন্দৰ্ভত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি দ্বীপেন বড়োই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

Advertisment

চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জিলা এবছুৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত কয় যে, যি সময়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানত ৰেগিঙৰ দৰে সামাজিক ব্যাধি যাতে কোনোপধ্যেই সংঘটিত হ'ব নোৱাৰে তাৰবাবে কঠোৰ নিৰ্দেশনা জাৰি কৰি থৈছে, তাৰ পিছতো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠানত ৰেগিঙৰ বলি হৈ আনন্দ শৰ্মা নামৰ এগৰাকী ছাত্ৰই এই মুহূৰ্তত জীৱন মৃত্যুৰ সৈতে যুঁজ কৰি থকাটো অতিকৈ দুৰ্ভাগ্যজনক ঘটনা বুলি আখ্যা দিয়ে । কাৰণ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে ৰেগিঙৰ দৰে সামাজিক ব্যাধি এটা অকল ডিব্ৰুগড় বিশ্ববিদ্যালয় কিয় দেশৰ যিকোনো শিক্ষানুষ্ঠানতে মানি নলয়। শিক্ষানুষ্ঠানত ৰেগিঙৰ বিৰোধীতা এবছুয়ে সদায় তীব্ৰ বিৰোধিতা কৰি আহিছে আৰু আগলৈ কৰি যাব ।

ছাত্ৰ নেতা জনে কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত পিছত এতিয়া যিবোৰ কথা বতৰা এতিয়া পোহৰলৈ আহিব ধৰিছে যে বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত প্ৰাক্তন বা জেষ্ঠ্য ছাত্ৰ সকলৰ দ্বাৰা কণিষ্ঠ ছাত্ৰক ৰেগিং কৰাৰ তথ্য বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ ৱাৰ্ডেনৰ পৰা মুখ্য ৱাৰ্ডেন সকলোৱেই অৱগত আছিল কিন্তু তেওঁলোকে এই ৰেগিঙৰ দৰে অপৰাধ প্ৰতিহত কৰিবলৈ কাৰ্য্যকৰী হব পৰাকৈ কোনো পদক্ষেপ গ্ৰহণ নকৰি কেবল সভাৰ পিছত সভা কৰি গৈছিল, ইয়াৰ দ্বাৰা সহজেই অনুমান কৰাব পাৰি যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত ৰেগিঙৰ দৰে অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ বিশ্ববিদ্যালয় কতৃপক্ষ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে । নহ'লে আনন্দ শৰ্মা নামৰ ছাত্ৰ জনে আত্মহননৰ দৰে সিদ্ধান্ত গ্ৰহণ নকৰিলেহেঁতেন বুলি মন্তব্য কৰে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত প্ৰতিজন ছাত্ৰৰ লগতে হোষ্টেল ৱাৰ্ডেনৰ কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে দ্বীপেন বড়োয়ে। ৰাজ্যখনত ৰেগিং শূণ্য শিক্ষানুষ্ঠান হিচাপে গঢ় দিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ ঘটনাটোকে অন্তিমটো ৰেগিঙৰ ঘটনা বুলি সাক্ষী হিচাপে ৰাখি অসম চৰকাৰে ৰেগিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় এবছুৰ সভাপতি দ্বীপেন বড়োই । প্ৰয়োজনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ বাবে বিশেষ অনুসন্ধানকাৰী দল অৰ্থ্যাৎ এচআইটি গঠন কৰাৰ দাৱী উত্থাপন কৰে ।

আৰু পঢ়কঃ কেবিনেটত এবছৰত সিদ্ধান্ত ৮৯০, কাৰ্যকৰী ৩০৭...

assam dibrugarh university