/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/3b99126e-5e30-4eea-b502-f53bfde61bbd/e193c2ec-94b1-45a3-a89e-ed2f822229ae.jpg)
ডিজিটেল ডেস্ক: তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা এক তথ্যত ওলাই পৰিছে অসম চৰকাৰৰ গৃহ বিভাগৰ ফোঁপোলা স্বৰূপ। সঘনাই অনুষ্ঠিত হৈ থকা ৰাজ্যিক কেবিনেটত চৰকাৰে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
কিন্তু চৰকাৰে লোৱা এই সিদ্ধান্ত সমূহৰ কেইটা সিদ্ধান্ত কাৰ্যকাৰী হ'ল সেই সন্দৰ্ভত প্ৰকাশ পাইছে তথ্য। এজন সচেতন লোকে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দুটাকৈ প্ৰশ্ন উত্থাপন কৰিছিল।
প্ৰথম প্ৰশ্নটো তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল- এতিয়ালৈকে (২০২১-২২ বৰ্ষত) ত কিমানটা সিদ্ধান্ত ল'লে কেবিনেটে। দ্বিতীয়টো প্ৰশ্ন- কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ কেইটা কাৰ্যকৰী হ'ল।
সচেতন লোক জনৰ এই প্ৰশ্ন সমূহৰ উত্তৰ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিৱৰ স্বাক্ষৰ সম্বলি আৰ টি আই তথ্যত প্ৰকাশ পাইছে। চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত সোধা হৈছিল এই দুটা প্ৰশ্ন।
তথ্য অনুসৰি ২০২১-২২ বৰ্ষত এই পৰ্যন্ত ৮৯০ টা সিদ্ধান্ত কেবিনেটে লৈছে। দ্বিতীয় প্ৰশ্নৰ উত্তৰ দুটা ভাগত দিছে গৃহ আৰু ৰাজনৈতিক বিভাগে। বিভাগটোৱে কয় যে কেবিনেট সিদ্ধান্ত কাৰ্যকৰীকৰণ কৰা বিভাগে এই পৰ্যন্ত লাভ কৰিছে ৩০৭ টা ৰিপৰ্ট। এতিয়াও ৫৮৩ টা ৰিপৰ্ট পাবলৈ বাকী আছে।
উল্লেখ্য যে, নিয়ম অনুসৰি ৰাজ্যৰ কেবিনেটে লোৱা সিদ্ধান্ত সমূহ প্ৰথমে প্ৰেৰণ কৰা হয় কেবিনেট সিদ্ধান্ত কাৰ্যকৰীকৰণ কৰা কোষ কিম্বা বিভাগলৈ।সেই কোষে সিদ্ধান্ত সমূহ ভাগ ভাগ কৰি নিৰ্দিষ্ট বিভাগটোলৈ প্ৰেৰণ কৰে আৰু নিৰ্দিষ্ট বিভাগটোৱে পৰৱৰ্তী সময়ত সেয়া কাৰ্যকৰী কৰে।
কিন্তু আৰ টি আইৰ তথ্যমতে,২০২১-২২ বৰ্ষত কেবিনেটে গ্ৰহণ কৰা মুঠ ৮৯০ টা সিদ্ধান্তৰ মাত্ৰ ৩০৭ টাৰ ৰিপৰ্টহে লাভ কৰিছে কেবিনেট সিদ্ধান্ত কাৰ্যকৰীকৰণ কৰা কোষে। ৫৮৩ টা সিদ্ধান্তৰ ৰিপৰ্টেই এতিয়ালৈকে লাভ কৰা নাই কেবিনেট সিদ্ধান্ত কাৰ্যকৰীকৰণ কৰা বিভাগে।
অৰ্থাৎ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ আধাও কাৰ্যকৰী হোৱা নাই। আনকি ইয়াৰ ৰিপোৰ্ট প্ৰেৰণ কৰা হোৱা নাই। এই তথ্য দিয়াৰ পাছতো চৰকাৰৰ ৪ খন মান কেবিনেট বৈঠক অনুষ্ঠিত হৈছে য'ত ৫০ টা মান সিদ্ধান্ত লোৱা হৈছে। গতিকে এই সিদ্ধান্ত সমূহ কেতিয়ালৈকে কাৰ্যকৰী হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন।
আৰু পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কৃত ৪ ছাত্ৰ দেশৰ কোনো বিশ্ববিদ্যালয়তে নামভৰ্তি কৰাৰ পৰা বাৰণ