ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল গড়গাঁও মহাবিদ্যালয়...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল গড়গাঁও মহাবিদ্যালয়...

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল গড়গাঁও মহাবিদ্যালয়...

ডিজিটেল সংবাদ, শিৱসাগৰঃ সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থীয়ে সুখ্যাতিৰে প্ৰথম শ্ৰেণী লাভ কৰি মহাবিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মহাবিদ্যালয়খনৰ ৫গৰাকী শিক্ষাৰ্থীয়ে বিভিন্ন বিভাগৰ প্ৰথম দহটা স্থানৰ ভিতৰত  স্থান লাভ কৰে।

Advertisment

ইয়াৰ লগতে উদ্ভিদ বিজ্ঞান বিভাগ, ৰসায়ন বিজ্ঞান বিভাগ, ভূতত্ত্ব বিভাগ, গণিত বিভাগ, প্ৰাণী বিজ্ঞান বিভাগ, পৰিসংখ্যা বিজ্ঞান বিভাগ আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ শতাধিক শিক্ষার্থীয়ে প্রথম শ্রেণী লাভ কৰাত মহাবিদ্যালয় পৰিয়ালক উৎফুল্লিত কৰিছে। বিশেষকৈ ভূতত্ত্ব বিভাগৰ লিজা ৰশ্মি ফুকন আৰু পৰিসংখ্যা বিজ্ঞান বিভাগৰ স্বৰ্ণিমৰাজ বৰুৱাই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অৰ্জন কৰি মহাবিদ্যালয়খনলৈ সফলতাৰ গৌৰৱ কঢ়িয়াই আনিছে।

তদুপৰি ভূতত্ত্ব বিভাগৰ টুমন জ্যোতি গগৈ আৰু বৰ্ণভ ৰঞ্জন মহন্তই প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান, গণিত বিভাগৰ টিনামণি পাংগিং-এ প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্র-ছাত্ৰীৰ এনে সফলতাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই অতিশয় আনন্দ প্ৰকাশ কৰাৰ লগতে সফলতাৰ আঁৰৰ  শিক্ষক, শিক্ষাৰ্থী,অভিভাৱক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। গড়গাঁও মহাবিদ্যালয়ৰ সফলতাৰ এই ধাৰা পৰৱৰ্তী সময়তো বৰ্তাই ৰাখিবলৈ প্ৰয়াস কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে আশা প্ৰকাশ কৰে।

Also Read: লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ গুলীত নিহত ২জন...

dibrugarh university Gargaon College