/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f8b8187e-ab45-46c7-8827-d6085c0d9b31/9.jpg)
লাওখোৱা অভয়াৰণ্যত শনিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
অভয়াৰণ্যতখনত বন বিভাগৰ গুলীচালনাত দুজন লোক নিহত হৈছে।
অভয়াৰণ্যখনৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক গুলীচালনা কৰে বন বিভাগে।
নিশা ৰৌমাৰী বিলত চোৰাং কৈ মাছ ধৰিব গৈছিল নিহত দুই ভাই ককাই আব্দুল জলিল উদ্দিন আৰু ছমৰ উদ্দিন।
নিহত দুজনৰ ঘৰ জুৰীয়াৰ ধিং বৰি চাপৰিত বুলি জানিব পৰা গৈছে।
শনিবাৰে নিশাই বন বিভাগে নিহত হোৱা ২জনৰ মৃতদেহ নগাঁও হাস্পাতাললৈ লৈ যায়।
উল্লেখযোগ্য যে ইতিমধ্যেই ঘটনাস্থলীত বৃহৎ আৰক্ষী দল আৰু বন বিভাগৰ লোক নিয়োজিত কৰা হৈছে।
Also Read: বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 'ছহিদ' পত্ৰিকা উন্মোচন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us