কমিচনৰ অংক ! স্কুল ইউনিফৰ্ম যোগানৰ নামত বিটিচিৰ শিক্ষা সঞ্চালকৰ অদ্ভুত নিৰ্দেশনা...
কমিচনৰ অংক ! স্কুল ইউনিফৰ্ম যোগানৰ নামত বিটিচিৰ শিক্ষা সঞ্চালকৰ অদ্ভুত নিৰ্দেশনা...

কমিচনৰ অংক ! স্কুল ইউনিফৰ্ম যোগানৰ নামত বিটিচিৰ শিক্ষা সঞ্চালকৰ অদ্ভুত নিৰ্দেশনা...

ডিজিটেল সংবাদ চিৰাং: পৰিবৰ্তনৰ শ্লোগানেৰে বিটিচিৰ চৰকাৰ পৰিবৰ্তন হ'ল ঠিকেই, কিন্তু পৰিবৰ্তন নহল পূৰ্বৰ চৰকাৰৰ দৰে নিয়ম বহিৰ্ভূত কিছু কাম কাজ । একমাত্ৰ কমিচনৰ অংকৰ বাবেই নীতি বৰ্হিভূত সিদ্ধান্তৰে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে বিটিচিৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মৰ বিৰুদ্ধে ।

অভিযোগ অনুযায়ী অসম চৰকাৰৰ শিক্ষা সঞ্চালক কাৰ্য্যালয়ৰ পৰা ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ বাবে খেলৰ সা-সামগ্ৰী, বিজ্ঞানৰ সা-সঁজুলি আৰু শেহতীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্কুল ইউনিফৰ্ম আদি ক্ৰয় কৰিবলৈ বিদ্যালয় পৰিচালনা সমিতিক কৰ্তৃত্ব প্ৰদান কৰা হৈছিল । সেইমতে বিদ্যালয়সমূহৰ পৰিচালনা সমিতিবোৰে চৰকাৰী নিয়ম অনুসৰি নিবিদা আহ্বান কৰিছিল ।

কিন্তু সেই সময়তে বিটিচিৰ শিক্ষা সঞ্চালকৰ কাৰ্য্যালয়ৰ পৰা শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মৰ চহী সম্বলিত এখন বিশেষ পত্ৰই বিশেষকৈ চিৰাং জিলাৰ বিদ্যালয়সমূহত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিটিচিৰ শিক্ষা সঞ্চালকৰ vide no. DE/BTC/Acctts-261/Registration/2018/97, Dt- 20-08 22 পত্ৰখনত বাক্সা জিলাৰ শিমলাগুৰীৰ ব্ৰহ্ম এণ্টাৰপ্ৰাইজ নামৰ এটা ব্যবসায়ী প্ৰতিষ্ঠানক ২০২২-২৩ আৰু ২০২৩-২৪ আৰ্থিক বৰ্ষৰ বাবে বিটিআৰ এলেকাৰ সকলো বিদ্যালয়ৰ প্ৰয়োজনীয় খেলৰ সা-সামগ্ৰী, বিজ্ঞানৰ সা-সজুলি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্কুল ইউনিফৰ্ম যোগান ধৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে ।

বৰ্তমান এই পত্ৰখন লৈ ব্ৰহ্ম এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী গণেশ ব্ৰহ্ম নিজে নাইবা তেওঁৰ সাংগু পাংগুই চিৰাং জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত গৈ বিদ্যালয়ৰ প্ৰধানশিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম যোগানৰ কাম বিটিচিৰ শিক্ষা সঞ্চালকৰ তেওঁক দিবলৈ দিছে অন্যাথাই জটিলতাৰ সন্মুখীন হ'ব লাগিব বুলি কৈ বিভিন্ন ধৰনে ব্যতিব্যস্ত কৰা হৈছে বুলি সদৌ অসম স্কুল ইউনিফৰ্ম চাপ্লাই এছোচিয়েচনৰ চিৰাং জিলা সমিতিৰ পৰা অভিযোগ উত্থাপন কৰিছে ।

তাৰ মাজতে বিগত সময়ছোৱাত চিৰাং জিলাত বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম যোগান ধৰি অহা এছোচিয়েচনৰ সদস্য তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলেও বিটিচিৰ শিক্ষা সঞ্চালক কাৰ্য্যালয়ৰ নীতি বৰ্হিভূত কাৰ্য্যক তীব্ৰ বিৰোধিতা কৰি বিটিচিৰ শিক্ষা সঞ্চালকক এখন স্মাৰক পত্ৰ প্ৰদান সিদ্ধান্ত কৰে ।

সেইমৰ্মে মঙ্গলবাৰ সদৌ অসম স্কুল ইউনিফৰ্ম চাপ্লাই এছোচিয়েচনৰ চিৰাং জিলা সমিতিৰ উপ-সভাপতি ৰবীন ৰায়ৰ নেতৃত্বত আজি এটা প্ৰতিনিধি দলে কোকৰাঝাৰস্থিত বিটিচি শিক্ষা সঞ্চালকৰ কাৰ্য্যালয়ত গৈ এখন স্মাৰক প্ৰদান কৰে আৰু ব্ৰহ্ম এণ্টাৰপ্ৰাইজৰ নামত একপক্ষীয় ভাৱে জাৰি কৰা নিৰ্দেশনাক বাতিল কৰি ৰাজ্যিক শিক্ষা সঞ্চালক কাৰ্য্যালয়ৰ পৰা জাৰি কৰা নীতি নিৰ্দেশনাক বাহাল ৰাখি কাম কৰি যাবলৈ অনুৰোধ কৰা হৈছে।

দলটোয়ে চিৰাঙৰ কাজলগাঁৱত বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱক সাক্ষাৎ কৰি তেখেতকো উক্ত স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰদান কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in