আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং বিৰোধী সমিতিৰ অন্তিম বৈঠক...

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং বিৰোধী সমিতিৰ অন্তিম বৈঠক...

ডিজিটেল ডেস্ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডই সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাই যোৱাৰ পাছত শনিবাৰে অন্তিমখন বৈঠক অনুষ্ঠিত হ'ব ৰেগিং বিৰোধী সমিতিৰ । আনন্দ শৰ্মাৰ পাছতেই শুক্ৰবাৰে আন এজন অভিযুক্ত ছাত্ৰই ভাষ্য প্ৰদান কৰিছিল ৰেগিঙৰ বিৰুদ্ধে । ইয়াৰ পাছতেই শনিবাৰে আন ৫ জন অভিযুক্ত ছাত্ৰৰ ভাষ্য গ্ৰহণ কৰিব ৰেগিং বিৰোধী সমিতিয়ে । এই ৫ গৰাকী ছাত্ৰৰ ভাষ্য সমিতিখনে গ্ৰহণ কৰিব কাৰাগাৰত ।

উল্লেখ্য যে, শুক্ৰবাৰে অভিযুক্ত ছাত্ৰ গৰাকীৰ ওপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাৰো ভাষ্য গ্ৰহণ কৰে ৰেগিং বিৰোধী সমিতিখনে । আনহাতে, কেৱল উপাচাৰ্যৰেই নহয় বৰং পঞ্জীয়ক, ৱাৰ্ডেন, শিক্ষক আৰু নিৰাপত্তাৰক্ষীৰো ভাষ্য গ্ৰহণ কৰা হয় শুক্ৰবাৰে । আজি অভিযুক্ত ৫ জন শিক্ষাৰ্থীৰ ভাষ্য গ্ৰহণৰ পাছতেই সন্ধিয়া সমিতিখনে দাখিল কৰিব প্ৰতিবেদন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in