মানৱ অধিকাৰ উলংঘনঃ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত মৃত কয়দীক হুইলচেয়াৰত বহুৱাই চমজাই দিলে পৰিয়ালক...

মানৱ অধিকাৰ উলংঘনঃ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত মৃত কয়দীক হুইলচেয়াৰত বহুৱাই চমজাই দিলে পৰিয়ালক...

author-image
Asomiya Pratidin
New Update
মানৱ অধিকাৰ উলংঘনঃ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত মৃত কয়দীক হুইলচেয়াৰত বহুৱাই চমজাই দিলে পৰিয়ালক...

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত সংঘটিত হৈছে মানৱ অধিকাৰ উলংঘনৰ এক ভয়ংকৰ ঘটনা। ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত মৃত্যু হোৱা এগৰাকী কয়দীৰ প্ৰতি নূন্যতম সহানুভূতিও প্ৰদৰ্শন কৰিলে কাৰাগাৰ কৰ্তৃপক্ষই। কাৰাগাৰত মৃত্যু হোৱা কয়দীক হুইলচেয়াৰত বহুৱাই বাহিৰলৈ উলিয়াই গতাই দিলে পৰিয়ালক।

Advertisment

টিংখাঙৰ ২ নং গন্ধীয়া পুৰণি গাঁৱৰ শৈলজা বৰগোহাঁই নামৰ যুৱকজন ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে ৰহস্যজনকভাৱে মৃত্যু হয়। মৃত্যুৰ পিছতে আজি মৃত কয়দীজনক চমজাই দিবলৈ বুলি হুইলচেয়াৰত বহুৱাই উলিয়াই দিলে মৃতদেহ।

মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত কৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই। তিনি দিনৰ পূৰ্বে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল শৈলজা বৰগোহাঁইক। সন্ধিয়া প্ৰায় ৫ বজাৰ পৰা কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদতে ৰখা হৈছে মৃত কয়দীজনক।

Also Read: অৰুণাচলী সুৰা সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা...

ডিব্ৰুগড় কাৰাগাৰ