/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e1ba8073-bf4b-4c8c-9a8d-8dba8c25b770/a5d13d71_6b44_4846_9692_207a85e4c3ee.jpg)
-
শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মনোজ হাজৰিকাক।
-
যোৰহাটৰ বিজেপি নেতা মনোজ হাজৰিকা
-
অৰুণাচলী সুৰা সৰবৰাহৰ অভিযোগত অভিযুক্ত আছিল।
-
বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মনোজ হাজৰিকা।
-
যোৱা ৫ মে'ত শিৱসাগৰ জিলাৰ ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অৰুণাচলী সুৰা ভৰ্তি এখন ট্ৰাক জব্দ কৰিছিল ।
-
অৰুণাচলী সুৰা সৰবৰাহত মনোজ হাজৰিকা জড়িত থকাৰ অভিযোগ উঠিছিল।
-
যোৱা এক জুনত বিজেপিৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিছিল মনোজক।
-
ডিমৌ থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিছিল যদিও শিৱসাগৰ থানাত ৰুজু হৈ থকা পূৰ্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় মনোজ হাজৰিকাক ।
-
চোৰাং গৰু সৰবৰাহ সন্দৰ্ভত ৰুজু হৈ থকা গোচৰত গ্ৰেপ্তাৰ।
-
৫৪/২০২৪ নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ নং ধাৰাত বিজেপিৰ নেতা গৰাকীক গ্ৰেপ্তাৰ।
-
ডিমৌ থানালৈ যাওঁতেই গ্ৰেপ্তাৰ বিজেপি নেতাজনক।
অৰুণাচলী সুৰা সৰবৰাহ কাণ্ডৰ পূবে ৰুজু হৈ আছিল এই গোচৰ।