
চানমাৰি আৰক্ষী থানাত উপস্থিত হৈছে ডি চি পি অক্ষত গাৰ্গ।
দ্বীবন ডেকা আৰু অনুৰাগ চলিহাক পুনৰ জেৰা কৰিব ডি চি পি গৰাকীয়ে।
ধনৰ লেনদেন, ফটো ভাইৰেলৰ গোচৰত গ্রেপ্তাৰ কৰা হৈছে দ্বীবন ডেকাক।
নিশা স্বাস্থ্য পৰীক্ষাও কৰোৱা হ’ব দ্বীবনক।
শনিবাৰে দ্বীবন ডেকাক আদালতত হাজিৰ কৰোৱা কথাও জানিবলৈ দিছে কৰ্তৃপক্ষই।
ইতিমধ্যেই স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে অনুৰাগ চলিহাক।