নগাঁৱৰ সাপ্তাহিক 'কলংপাৰ' কাকতৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান

"কলংপাৰ"ৰ বিশেষ সংখ্যা-কাব্যগ্রন্থ উন্মোচনঃ অৰ্দ্ধ শতাধিক সাহিত্যানুৰাগীৰ অংশগ্ৰহণ...
নগাঁৱৰ সাপ্তাহিক 'কলংপাৰ' কাকতৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক 'কলংপাৰ' কাকতে শুকুৰবাৰে পদাৰ্পণ কৰিলে ২৫তম বৰ্ষত। ১৯৯৯ চনৰ ১৮ আগষ্টত প্ৰতিষ্ঠাপক তথা প্ৰয়াত সম্পাদক বলেন বৰাৰ সম্পাদনাত প্ৰকাশিত 'কলংপাৰ' কাকতে বহু ঘাত-প্ৰতিঘাত নেওচি ২৪ টা বৰ্ষ অতিক্রমী ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা উপলক্ষে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়।

বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা ৰূপালী জয়ন্তী বৰ্ষৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সত্ৰাধিকাৰ, শিক্ষাবিদ, লেখক জীৱেশ্বৰ দেৱগোস্বামীয়ে। এই উপলক্ষে 'সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা'ৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত দুপৰীয়া এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। কাকতখনৰ পৰিচালন সঞ্চালক বল্লদেৱ শৰ্মাই আঁত ধৰা তথা মুখ্য সম্পাদক গুৰমাইল সিঙৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত 'কলংপাৰ'ৰ সম্পাদক ভবেন বৰা, লেখক-লেখিকা ক্ৰমে উজ্বল জ্যোতি দাস, ৰুমু বেগম, অমল বৰা, গোলাপ বৰা, ৰত্নমালা শইকীয়া, অনিল কুমাৰ শৰ্মা, শশীন্দ্ৰ দেৱ মহন্ত, খগেন শইকীয়া, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকী গণ্য-মান্য লোকে অভিমত ব্যক্ত কৰে।

প্ৰাক্তন শিক্ষা বিষয়া প্ৰেমেশ্বৰ দাস, শিক্ষাবিদ পূৰ্ণকান্ত বৰুৱা, 'কলংপাৰ'ৰ কাৰ্যবাহী সম্পাদক পুণ্যদা বৰা, কাকতৰ প্ৰতিষ্ঠাপক বলেন বৰাৰ সহধৰ্মী জ্যোতিৰেখা বৰা, সাহিত্যিক ভাৰত চন্দ্ৰ নাথ, শিক্ষক ফজলুল হক মৰল, লেখক খগেন নাথ, অমিতাভ সেনগুপ্ত, জ্যেষ্ঠ সাংবাদিকদ্বয় কনক হাজৰিকা, মিজু বৰা, কাকতৰ উপ-সম্পাদকদ্বয় জয়ন্ত বৰা, পূৰবী চক্ৰৱৰ্তী সূত প্ৰমুখ্যে অৰ্দ্ধ শতাধিক সাহিত্যসেৱীৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানৰ মাজতে "কলংপাৰ"কাকতৰ ৰূপালী জয়ন্তী বিশেষ সংখ্যাটি উন্মোচিত হোৱাৰ লগতে "কলংপাৰ"ৰ পৰিচালন সঞ্চালকগৰাকীৰ জীয়ৰী তথা কবি অভিলেখ শৰ্মাৰ "What's in a poet?" নামৰ এখন ইংৰাজী ভাষাৰ কবিতা পুথি উন্মোচন কৰে সাহিত্যিক গুণীন্দ্ৰ গায়নে।

ইয়াৰ পূৰ্বে পুৱাৰ ভাগত পতাকা উত্তোলন কৰাৰ পিছতে কাকত গোষ্ঠীৰ সৈতে জড়িত প্ৰয়াতসকল ক্ৰমে প্ৰতিষ্ঠাপক, প্ৰাক্তন সম্পাদক বলেন বৰা, প্ৰাক্তন মুখ্য সম্পাদক ডঃ আবু হানিফা, প্ৰাক্তন সম্পাদক সুৰেন কুমাৰ বৰা, প্ৰাক্তন উপ-সম্পাদক অচ্যুত প্ৰবৰ শৰ্মা, বিশেষ শুভাকাংক্ষী মুকুল চন্দ্ৰ শইকীয়া, সহ পৰিচালন সঞ্চালক অনিমা বৰুৱা শৰ্মাৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

নগাঁৱৰ সাপ্তাহিক 'কলংপাৰ' কাকতৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান
মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে ৰাজ্যত চলিছে চাকৰিৰ বজাৰঃ অসম জাতীয় পৰিষদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in