গৌৰৱোজ্বল ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সফল সামৰণি

অসমৰ উত্তৰ পাৰে ধেমাজি জিলাত মাধ্যমিক শিক্ষাৰ বাট মুকলি কৰি ১৯৪৯ চনতেই স্থাপন হোৱা ঐতিহ্যমণ্ডিত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্বল ৭৫ টা বৰ্ষ সম্পূৰ্ণ কৰিলে ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ ,ধেমাজিঃ অসমৰ উত্তৰ পাৰে ধেমাজি জিলাত মাধ্যমিক শিক্ষাৰ বাট মুকলি কৰি ১৯৪৯ চনতেই স্থাপন হোৱা ঐতিহ্যমণ্ডিত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্বল ৭৫ টা বৰ্ষ সম্পূৰ্ণ কৰিলে ৷

এই উপলক্ষেযোৱা ৩১ অক্টোবৰৰ পৰা পাঁচোটা ভিন ভিন পৰ্যায়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ দেওবাৰে সফল সামৰণি পৰে ৷ পুৱা ৭.০৫ বজাত বিদ্যালয় চৌহদ নিকাকৰনে শেষৰ দিনা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।

0

পুৱা ৮.৩৫ বজাত ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক তথা  প্ৰাক্তন ছাত্ৰ ডাঃ কুলেন চন্দ্ৰ বৰগোহাঁইয়ে বাৰেৰহণীয়া সাংস্কৃতিকশোভাযাত্ৰা উদ্ধোধন কৰা পিছতেই চলচ্চিত্ৰ অভিনেত্ৰী ৰিম্পী দাসৰ সৈতে বিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ -ছাত্ৰী , কৃষ্টি সংস্কৃতি , দল সংগঠন , ৰাইজে ধেমাজি নগৰখনত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে ৷

দুপৰীয়া ১২.০৫ বজাত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ শিল্প বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ।

বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষক প্ৰয়াত পানিন্দ্ৰ গগৈক শ্ৰদ্ধাৰে সোঁৱৰি তেওঁক কেৱল ধেমাজিৰে নহয় অসমৰে এগৰাকী শিক্ষাবিদ , সাহিত্যিক আৰু মানৱ দৰদী ব্যক্তি আছিল বুলি উল্লেখ কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।

প্ৰসংগক্ৰমে বক্তব্যত মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ধেমাজিৰ এই বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ ক্ষণত বিদ্যালয়খনৰআন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ আচঁনিৰ জড়িয়তে প্ৰায় ৮ কোটি টকা অনুদান আগবঢ়োৱাত কেন্দ্ৰীয় মন্ত্ৰীমাৰ্ঘেৰিটাই সন্তোষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ শলাগ লয় ৷

0

সভাত বিশিষ্টঅতিথি হিচাপে উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু আমন্ত্ৰিত অতিথি হিচাপে ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰকে ধৰি বহু কেইগৰাকী অতিথি ৷ সভাত স্মৃতি গ্ৰন্থ মহাৰজতউন্মোচন কৰে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷

প্ৰয়াত প্ৰধান শিক্ষক মহেন্দ্ৰনাথ লাহনৰ স্মাৰক গ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য বন সংৰক্ষক তথা প্ৰাক্তন ছাত্ৰ মোহন চন্দ্ৰ মালাকাৰে ৷ সন্ধিয়া ৫ বজাত চিলাপথাৰ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দেৱবালা বৰগোহাঁইয়ে বিদ্যালয়ৰ চৌহদত বন্তি প্ৰজ্বলন কৰাপিছতেই সন্ধিয়া ৭ বজাতআমন্ত্ৰিত কণ্ঠ শিল্পীআচূৰ্য্য বৰপাত্ৰগোঁহাইৰ গীতৰ শৰাই সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে লোকশ্ৰী বিমলা গগৈ গোহাঁইয়ে ৷

মহাৰজত জয়ন্তী