ধুলা কিশোৰী হত্যাকাণ্ড! গ্ৰেপ্তাৰ দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা

গ্রেপ্তাৰ হ’ল দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা। চিআইডিয়ে গ্রেপ্তাৰ কৰে দণ্ডাধীশগৰাকীক। বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰিছিল আশীৰ্বাদ হাজৰিকাই।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

ডিজিটেল ডেস্ক: গ্রেপ্তাৰ হ’ল দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা। চিআইডিয়ে গ্রেপ্তাৰ কৰে দণ্ডাধীশগৰাকীক। বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰিছিল আশীৰ্বাদ হাজৰিকাই।

Advertisment

উল্লেখ্য যে, কিছুদিন পূৰ্বে ধুলাত সংঘটিত হৈছিল এক জঘন্য কাণ্ড। এগৰাকী বি এছ এফ জোৱানৰ ঘৰত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ। এই ঘটনাটো আৰক্ষীয়ে আত্মহত্যা বুলি কৈছিল।

কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত এক নতুন সত্য পোহৰলৈ আহিছিল। চিআইডিক দিছিল ঘটনাৰ তদন্তৰ নিৰ্দেশ। তদন্তৰ অন্তত পোহৰলৈ আহে ।যে কিশোৰী গৰাকীত যৌন নিৰ্যাতন চলোৱাৰ পাছত হত্যা কৰা হৈছিল।

আনহাতে চিকিৎসকে ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো দাখিল কৰিছিল। যাৰ বাবে গ্ৰেপ্তাৰ হৈছিল ৩ চিকিৎসক, ধূলা আৰক্ষী থানাৰ অচি আৰু দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক। লগতে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হৈছিল  নিলম্বিত SP ৰাজমোহন ৰায়। অৱশেষত আজি গ্ৰেপ্তাৰ হ'ল দণ্ডাধীশ গৰাকী।

assam Assam police murder darrang