/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4ad40025-f551-45b4-96eb-81b25fabbd16/Money.jpg)
ডিজিটেল ডেস্কঃ চাৰিদিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ ধুবুৰী জিলা পৰিষদৰ দুই বিষয়াক বিশ্বজিৎ গোস্বামী আৰু মৃণালকান্তি সৰকাৰ। দুই বিষয়াক ৪দিনৰ জিম্মাত বিচাৰিছিল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই। বিভাগটোৰ এই আবেদনক অনুমতি প্ৰদান কৰিলে আদালতে। চাৰি দিনৰ অন্তত পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব দুয়োকে।
উল্লেখ্য বিগত ২১ জুলাই তাৰিখে ধুবুৰী জিলা পৰিষদৰ কাৰ্যালত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই অভিযান চলাই জিলাখনৰ সহকাৰী জিলা প্রকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক আটক কৰিছিল। ৩০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছিল মৃণাল কান্তি সৰকাৰ। উন্নয়নমূলক কামৰ ধন মোকলাই দিয়াৰ নামত লৈছিল উক্ত ধন।
পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ নিৰ্দেশতে টকাখিনি লোৱাৰ কথা পোহৰলৈ অহাৰ পাছতেই গোস্বামীৰ চৰকাৰী বাসগৃহ তথা বঙাইগাঁৱৰ বাসগৃহত অভিযান চলাই বিভাগটোৱে জব্দ কৰিছিল নগদ ২.৫ কোটি টকা। আৰু তাৰ পাছতেই ঘটনাৰ সন্দৰ্ভত দুয়োকে জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই।
Also Read: প্ৰসংগ-ধেমাজিৰ বোমা বিস্ফোৰণঃ চূড়ান্ত শুনানি প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ