/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1654d698-6d43-4284-84c4-204714fd7733/High_Court.jpg)
ডিজিটেল ডেস্কঃ ঘটনা ২০০৪ চনৰ। ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত সংঘটিত হৈছিল বোমা বিস্ফোৰণৰ ঘটনা। স্বাধীনতা দিৱস পালন কৰিবলৈ গৈ প্ৰাণ হেৰুৱাইছিল ১৪ শিশুসহ ১৮ জনকৈ লোকে। লগতে গুৰুতৰভাৱে আহত হৈছিল শিশুসহ অৰ্ধ শতাধিকলোকৰ।
সোমবাৰে এই ঘটনাৰ গোচৰৰ চূড়ান্ত শুনানি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত। স্বাধীনতা দিৱসৰ অনুষ্ঠানত আলফাই বোমা বিস্ফোৰণ ঘটোৱা এই ঘটনাৰ বাবে ৬জন লোকক দোষী সাব্যস্ত কৰিছিল ধেমাজি সত্র ন্যায়াধীশৰ আদালতে। এই সন্দৰ্ভত ধেমাজি সত্র ন্যায়াধীশৰ আদালতে ২০১৯চনৰ ৪ জুলাইত ৰায় প্ৰদান কৰিছিল। সেই ৰায়দানক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ভুক্তভোগীৰ পৰিয়াল।
সোমবাৰে উক্ত ৬ অভিযুক্তক কাৰাদণ্ডৰ ৰায় দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। দোষী ঘোষণা কৰা লোককেইজন ক্ৰমে দীপাঞ্জলি বুঢ়াগোহাঁই, মুহী সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ, প্রশান্ত ভূঞা আৰু হেমেন গগৈ। ইয়াৰে দীপাঞ্জলি বুঢ়াগোহাঁই, মুহী সন্দিকৈ, যতীন দুৱৰী আৰু লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ। আনহাতে প্রশান্ত ভূঞা আৰু হেমেন গগৈক চাৰিবছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য শুনানি সম্পূৰ্ণ যদিও ন্যায়ালয়ে স্থগিত ৰাখে ৰায়দান।
Also Read: টুইটাৰৰ পৰা উৰি যাব নীলা চৰাই...