/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/60bed2ac-f6bd-498a-ab3c-1d4ee21494f7/2.jpg)
ডিজিটেল সংবাদ, ধুবুৰী: ৰজা-মহাৰজাৰ দিনৰ পৰা বৃটিছৰ যুগলৈকে বিভিন্ন কীৰ্তি চিহ্নৰ সাক্ষী হৈ থকা ধুবুৰী জিলা সংগ্ৰহালয়খনৰ অস্তিত্ব বিপন্ন হৈ পৰাৰ বিষয়টোৱে ধুবুৰী জিলাৰ সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পশ্চিম অসমৰ বিভিন্ন কলা-কৃষ্টিৰ লগতে ইতিহাস সম্বলিত বহু প্ৰাচীন কীৰ্তি চিহ্ন এইখন জিলা সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। কিন্তু বৰ্তমানে অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ অৱহেলাৰ বাবেই ধুবুৰী জিলাৰ ঐতিহ্যপূৰ্ণ জিলা সংগ্ৰহালয়খনক মৃত্যুৰ দুৱাৰলৈ ঠেলি দিয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।
প্ৰাপ্ত তথ্য মতে ২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাই ধুবুৰী জিলা প্ৰশাসনক এক নিৰ্দেশনা যোগে ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডত অৱস্থিত লেডিছ ক্লাৱৰ ভূমিৰ পৰা ১ কঠা ১০ লেচা ভূমি জিলা সংগ্ৰহালয়ক হস্তান্তৰ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু ৰহস্য জনকভাৱে ধুবুৰী জিলা প্ৰশাসনে ছটা বছৰ অতিক্ৰম কৰাৰ পিচতো আজিলৈকে সেই ভূমি জিলা সংগ্ৰহালয়ক হস্তান্তৰ নকৰাৰ বিষয়টোৱে ৰাইজৰ মাজত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে ধুবুৰী লেডিচ ক্লাৱে চৰকাৰী ভূমি ৪কঠা ১০লেচা মাটি নিজৰ অধীনত ৰাখিছিল। সেই ৪কঠা ১০লেচা মাটিৰ ১কঠা ১০লেচা মাটি ধুবুৰী জিলা সংগ্ৰহালয়ক হস্তান্তৰ কৰাৰ প্ৰস্তাৱ লৈ অনুমোদন জনোৱাৰ বিপৰীতে বাকী থকা ৩কঠা মাটি ধুবুৰী লেডিচ ক্লাৱৰ নামত ৰখা হৈছিল। চৰকাৰী মাটিৰ দাগ নং ১৩৭৭ত বৰ্তমানে এখন অসম আৰ্হিৰ ঘৰ সহ লেডিছ ক্লাবৰ অৱস্থিতি দেখা পোৱা যায় যদিও সেই অসম আৰ্হিৰ ঘৰখনৰ অৱস্থাও জৰাজীৰ্ণ হৈ পৰিছে।
জিলা সংগ্ৰহালয়ৰ বাবে প্ৰস্তাৱিত ১ কঠা ১০ লেচা ভূমি জিলা পৰ্যায়ৰ লেণ্ড এডভাইজৰি বোৰ্ডৰ পৰামৰ্শৰ জৰিয়তে ২০১০চনত ধুবুৰী জিলা সংগ্ৰহালয়ৰ নামত অনুমোদিত হৈছিল। ইয়াৰ পিচতে ধুবুৰী লেডিচ ক্লাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত জিলা প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটো চলি থকাৰ মাজতে ২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে লেডিচ ক্লাৱৰ অধীনত থকা ১কঠা ১০লেচা ভূমি শীঘ্ৰে জিলা সংগ্ৰাহালয়ক হস্তান্তৰ কৰাৰ বাবে ধুবুৰী জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশৰ প্ৰায় ৬টা বছৰ পাৰ হৈ যোৱাৰ পিচতো আজিলৈকে ধুবুৰী জিলা সংগ্ৰহালয়ে উক্ত মাটি ডোখৰ বুজি নোপোৱাত ধুবুৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত কোনো ৰাজনৈতিক অভিসন্ধিৰ হেঁচা বা কোনো চক্ৰই ধুবুৰী জিলা প্ৰশাসনক বিপথে পৰিচালিত কৰিছে নেকি বুলিও ধুবুৰীৰ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।
ইপিনে ধুবুৰী জিলা সংগ্ৰাহালয়ৰ নামত আবন্টিত ১ কঠা ১০ লেচা ভূমি অতিশীঘ্ৰে ধুবুৰী জিলা সংগ্ৰহালয়ক হস্তান্তৰ কৰাৰ বাবে ধুবুৰীৰ সচেতন ৰাইজে জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে। আগন্তুক দিনত জিলা সংগ্ৰহালয়খন নিজৰ ভূমিত স্থাপন হলে পশ্চিম অসমৰ সংস্কৃতি, লোকাচাৰকে ধৰি ৰজা দিনীয়া কীৰ্তি চিহ্ন সমুহ সযতনে ভৱিষ্যত প্ৰজন্মৰ বাবে ধৰি ৰাখিব পৰা যাব বুলি সচেতন মহলে মন্তব্য কৰা দেখা গৈছে। উল্লেখযোগ্য যে বৰ্তমানে ধুবুৰী জিলা পুথিভঁৰালৰ প্ৰথম মহলাৰ এটা কোঠাত অতি কষ্টৰে ধুবুৰী জিলা সংগ্ৰহালয়ৰ কামসমূহ চলি আছে।
Also Read: চতিয়াত দুধৰ্ষ গৰু চোৰ আটক...